বলিউড অভিনেতা ছেইফ আলী খানক আক্ৰমণ দুৰ্বৃত্তৰ। আজি পুৱতি নিশা প্ৰায় ৩ মান বজাত এটা চোৰে ছেইফৰ ঘৰত প্ৰৱেশ কৰে। কিন্তু চোৰ প্ৰৱেশ কৰা দেখি ঘৰত কাম কৰা লোকসকলে হাহাকাৰ লগাই আৰু চিঞৰ বাখৰ শুনি ছেইফো কোঠাৰ পৰা ওলাই আহে। পৰৱৰ্তী সময়ত চোৰে ছুৰীৰে আক্ৰমণ কৰে ছেইফক।
জানিব পৰা মতে চোকা অস্ত্ৰৰে দুৰ্বৃত্তই ৬ বাৰকৈ আক্ৰমণ কৰে ছেইফক। ইয়াৰে দুটা আঘাত গুৰুত্বৰ। তাৰ পাছতেই ছেইফক হাস্পাতালত ভৰ্তি কৰোৱা হয়। লীলাৱতী হাস্পাতালত চিইঅ' নীৰজ উত্তমানীয়ে কয় যে, ছেইফৰ শৰীৰৰ মুঠ ৬ টা আঘাতৰ চিন আছে। ইয়াৰে দুটা আঘাত কিছু গুৰুত্বৰ।
লগতে তেওঁ কয় যে,তেওঁৰ মেৰুদণ্ডৰ ওচৰত আঘাতৰ চিন আছে। বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে। নিউৰ’চাৰ্জন নীতিন ডাংগে, কচমেটিক চাৰ্জন লীনা জৈন আৰু এনাস্থেটিষ্ট নিশা গান্ধীয়ে তেওঁৰ চিকিৎসা কৰি আছে।
এই ঘটনাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ইতিমধ্যে আৰক্ষীয়ে ঘৰৰ ওচৰৰ সকলো চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে। ইফালে ছেইফ আলীৰ তৰফৰ পৰা বিবৃতি দি এজনে এই কথা স্পষ্ট কৰিছে যে পুৱতি নিশা ছেইফৰ ঘৰত চোৰ সোমাইছিল আৰু চোৰে ছেইফক আক্ৰমণ কৰিছিল।
অৱশ্যে ছেইফৰ পত্নী কৰীনা আৰু সন্তান সুস্থ অৱস্থাত আছে। কৰীনাই প্ৰায় ৮ ঘন্টা পূৰ্বে এটা ইনষ্টাগ্ৰাম ষ্ট’ৰী শ্বেয়াৰ কৰিছিল। য'ত দেখা গৈছিল যে অভিনেত্ৰীগৰাকীয়ে পাৰ্টি কৰি আছিল। কিন্তু ঘটনাৰ সময়ত কৰীনা কাপুৰ ক'ত আছিল এতিয়ালৈকে সঠিককৈ জানিব পৰা হোৱা নাই।