চিংৰাৰ উৎপত্তি ইৰাণত হোৱা বুলি ধাৰণা কৰা হয়। ইৰাণত চিংৰাক সম্বুষ্কা বুলি কোৱা হৈছিল। একাদশ শতিকাত প্ৰথমবাৰৰ বাবে পাৰ্চী ইতিহাসবিদ আবুল ফাজাল বেহকীয়ে চিংৰাৰ বিষয়ে উল্লেখ কৰিছিল। প্ৰচলিত ধাৰণা অনুসৰি মাহমুদ গজনীক পোনপ্ৰথমবাৰৰ বাবে চিংৰা খাবলৈ দিয়া হৈছিল। সেই সময়ত চিংৰাত শুকান ফল-মূল দিয়া হৈছিল।
অৱশ্যে কেতিয়াৰ পৰা চিংৰাৰ প্ৰচলন আৰম্ভ হ’ল, এই বিষয়ে ক’তো স্পষ্টকৈ উল্লেখ নাই। ভাৰতত উপস্থিত হোৱাৰ পিছতহে এই জনপ্ৰিয় খাদ্যবিধৰ নাম ‘চামোছা’ হিচাপে পৰিচিত হ’ল। প্ৰাৰম্ভিক সময়ছোৱালৈ চালে বিহাৰ আৰু পশ্চিমবংগত ইয়াক ‘চিংঘাৰা’ বুলি কোৱা হৈছিল।
এই সুস্বাদু খাদ্যবিধ ইৰাণৰ পৰা ভাৰতলৈ আহিছিল। অৰ্থাৎ ইৰাণৰ পৰা উজবেকিস্তান আৰু আফগানিস্তান হৈ ভাৰতলৈ প্ৰৱেশ ঘটিছিল চিংৰাৰ। কোৱা হয় যে আফগানিস্তানত শুকান ফলৰ সলনি কেৱল মাংস আৰু পিঁয়াজ চিংৰাৰ মাজ অংশত ভৰোৱা হৈছিল।
ভাৰতত প্ৰৱেশৰ পিছত এই খাদ্যবিধক স্থানীয়ভাৱে প্ৰস্তুত কৰা হৈছিল। মাংসৰ ঠাইত আলু আৰু অন্যান্য শাক-পাচলি চিংৰাত দিয়া হ’ল। পৰ্তুগীজ যুগৰ পৰাই চিংৰাত আলুৰ ব্যৱহাৰ আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয়।
ভাৰতত চিংৰাৰ প্ৰচলন বহুল ৰূপত পৰিলক্ষিত হয়। সম্প্ৰতি দেশত প্ৰচলিত ফাষ্টফুড সমূহৰ ভিতৰত চিংৰাৰ জনপ্ৰিয়তাই সৰ্বাধিক।