নিৰ্বাচনী ফলাফলক লৈ কি ক'লে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ? | Sarbananda Sonowal Reacts to BJP's Victory in Maharashtra Vidhan Sabha and Assam By-Elections 2024 Assam news - Assam Tv9

Sarbananda Sonowal : আজিৰ দিনটোৰ নিৰ্বাচনী ফলাফলক লৈ কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ?

Published: 

23 Nov 2024 20:36 PM

আজি দিনটোত প্ৰকাশ পোৱা নিৰ্বাচনী ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ লগতে দেশৰ উপ-নিৰ্বাচনত বিজেপিৰ জয়ৰ মূলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসন বুলি মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

1 / 5মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ লগতে দেশৰ উপ-নিৰ্বাচনত বিজেপিৰ জয়ৰ মূলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসন বুলি মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইয়াৰ লগতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা দুয়োখন ৰাজ্যৰ জনসাধাৰণে মিত্ৰজোঁটৰ ওপৰত যিখিনি আস্থা ৰাখিছে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্ৰী মন্ত্ৰী গৰাকীয়ে ।

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ লগতে দেশৰ উপ-নিৰ্বাচনত বিজেপিৰ জয়ৰ মূলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসন বুলি মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইয়াৰ লগতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা দুয়োখন ৰাজ্যৰ জনসাধাৰণে মিত্ৰজোঁটৰ ওপৰত যিখিনি আস্থা ৰাখিছে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্ৰী মন্ত্ৰী গৰাকীয়ে ।

2 / 5

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰীগৰাকীয়ে এক বিবৃতিত কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ গতিশীল নেতৃত্বত পৰিৱৰ্তনশীল নীতিয়ে সমগ্ৰ দেশৰ জনসাধাৰণৰ হৃদয় জয় কৰিছে। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন আৰু অসমৰ উপ-নিৰ্বাচনৰ ফলাফলত মোদীৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ স্পষ্ট প্ৰতিফলন ঘটিছে।

3 / 5

লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা অসম বিধানসভাৰ ৫ খন আসনত এন ডি এৰ জয়ক নিশ্চিত কৰাৰ বাবে ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বিজয়ী প্ৰাৰ্থীসকলকো অভিনন্দন জ্ঞাপন কৰে।

4 / 5

নিৰ্বাচনী প্ৰচাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা দলীয় নেতা-কৰ্মীসকলৰ অৱদানকো স্বীকাৰ কৰে বিজেপি নেতাগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, শাসন ব্যৱস্থাৰ নতুন যুগে উত্তৰ-পূব অঞ্চলৰ বাবে শান্তি আৰু সমৃদ্ধিৰ সূচনা কৰিছে।

5 / 5

তেওঁ লগতে কয় যে, বিজেপি চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত দ্ৰুত আন্তঃগাঁথনি উন্নয়ন আনিছে । ৰাজ্যসমূহৰ মাজত যাত্ৰাৰ সময় হ্ৰাস কৰিছে আৰু প্ৰগতিৰ নতুন সুযোগ মুকলি কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।

কেতিয়াৰ পৰা আৰম্ভ হ'ব বাবা অমৰনাথ যাত্ৰা ২০২৫?
এই ৫টা ফৰ্মূলাই ৰাহি কৰিব আপোনাৰ ধন! আজিয়ে গ্ৰহণ কৰক
বাস্তুৰ দোষ নাইকিয়া কৰিবলৈ ঘৰৰ চৌদিশে কি কি গছ ৰোপন কৰিব লাগে জানক
ভগৱান হনুমান সন্তুষ্ট হ'লে কি সংকেত দিয়ে?