১০০ কোটি টকা ব্যয়েৰে মহানগৰীৰ বৰাগাঁৱত নিৰ্মাণ ছহিদ স্মাৰক উদ্যান, য'ত থাকিব অসম আন্দোলনৰ ছহিদৰ প্ৰতিকৃতি | Shaheed Memorial Park, built in Guwahati at a cost of Rs 100 crore Assam news - Assam Tv9

১০০ কোটি টকা ব্যয়েৰে মহানগৰীৰ বৰাগাঁৱত নিৰ্মাণ ছহিদ স্মাৰক উদ্যান, য’ত থাকিব অসম আন্দোলনৰ ছহিদৰ প্ৰতিকৃতি

Updated On: 

20 Nov 2024 23:25 PM

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰাই ছহিদ স্মাৰক উদ্যানৰ নিৰ্মাণৰ বুজ লয়। ডিচেম্বৰত বা অহা বছৰৰ আৰম্ভণিতে মুকলি কৰা হ'ব পাৰে এই উদ্যানখন। অসম আন্দোলনৰ ৮৫৫গৰাকী ছহিদৰ প্ৰতিকৃতি থাকিব উদ্যানখনত।

1 / 5অসম আন্দোলনত প্ৰাণ দিয়া মহান ছহিদসকলৰ স্মৃতি সোঁৱৰণ তথা সন্মান জনোৱাৰ বাবে অসম চৰকাৰৰ বিশেষ প্রয়াস। ১০০ কোটি টকাৰে মহানগৰীৰ বৰাগাঁৱত নিৰ্মাণ কৰা হৈছে ছহিদ স্মাৰক উদ্যান।  ইয়াৰ সম্পূর্ণকৰণে এক তীর্থসদৃশ স্থানলৈ ৰূপান্তৰ কৰিব।

অসম আন্দোলনত প্ৰাণ দিয়া মহান ছহিদসকলৰ স্মৃতি সোঁৱৰণ তথা সন্মান জনোৱাৰ বাবে অসম চৰকাৰৰ বিশেষ প্রয়াস। ১০০ কোটি টকাৰে মহানগৰীৰ বৰাগাঁৱত নিৰ্মাণ কৰা হৈছে ছহিদ স্মাৰক উদ্যান। ইয়াৰ সম্পূর্ণকৰণে এক তীর্থসদৃশ স্থানলৈ ৰূপান্তৰ কৰিব।

2 / 5

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছহিদ স্মাৰক উদ্যানৰ নিৰ্মাণৰ বুজ ল'লে। ডিচেম্বৰত বা অহা বছৰৰ আৰম্ভণিতে মুকলি কৰা হ'ব পাৰে এই উদ্যানখন। অসম আন্দোলনৰ ৮৫৫গৰাকী ছহিদৰ প্ৰতিকৃতি থাকিব উদ্যানখনত।

3 / 5

এই স্থানত থাকিব সুউচ্চ প্রতীক, শ্বহীদসকলৰ প্রতিমূর্তিৰ লগতে ধ্যান ভৱন, শব্দ-পোহৰসজ্জিত ব্যৱস্থা আদি বিভিন্ন সুবিধাৰে আৱিষ্ট হ’ব। এই উদ্যানখনত নিৰ্মান কৰা হৈছে ২২৫ ফুট উচ্চতাৰ টাৱাৰ। যিয়ে দিব অসমৰ পৰ্যটন ক্ষেত্ৰক অন্য এক মাত্ৰা। এই টাৱাৰটো বিশ্বৰ চতুৰ্থ বা পঞ্চম সৰ্বোচ্চ টাৱাৰ হ'ব পাৰে বুলি সকলোৰে ধাৰণা।

4 / 5

মহানগৰীৰ বৰাগাঁৱত ৯৮ বিঘা ভূমিত এই ছহিদ স্মাৰক নিৰ্মাণ হৈ আছে। বৰ্তমানলৈ এই স্থানৰ কাম ৯০ শতাংশ সম্পূৰ্ণ হৈছে। এই স্থানত ৫০০ লোকে একেলগে বহিব পৰা এটা প্ৰেক্ষাগৃহ থাকিব। পাৰ্কি, ৱাকিং জ'ন, ছুইমিং আদি সকলো সুবিধা থাকিব পৰ্যটকৰ বাবে।

5 / 5

ছহিদ স্মাৰক উদ্যানৰ নিৰ্মাণৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ক'লে- এই উদ্যানৰ নিৰ্মাণ ৯০ শতাংশ সম্পূৰ্ণ হৈছে। ইয়াতে একেবাৰে ওপৰলৈ উঠি যাবলৈ লিফ্ট এখন দিয়া হ'ব। এই স্থানত অসম আন্দোলনৰ ৮৫৫ গৰাকী ছহিদৰ ডেৰশ ছহিদৰ ফটো পোৱা গৈছে,যাৰ বাবে কামটো কিছু লেহেমিয়া হৈ আছে। এই স্থানত থাকিব অসম আন্দোলনৰ ছহিদৰ প্ৰতিকৃতি।

দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?