Shaktiman: নতুন ৰূপত দৰ্শকৰ মাজলৈ আহি আছে 'শক্তিমান'... | Shaktiman supper hero show coming soon teaser release mukhesh khanna Assam news - Assam Tv9

Shaktiman: নতুন ৰূপত দৰ্শকৰ মাজলৈ আহি আছে ‘শক্তিমান’…

Published: 

12 Nov 2024 13:56 PM

Shaktiman: ৯০ দশকত শিশুসকলৰ হদয়ত স্থান লাভ কৰা ভাৰতৰ প্ৰথম ছুপাৰহিৰ' শ্ব' শক্তিমান। এই ধাৰাবাহিকখন ১৯৯৭ চনৰ পৰা ২০০৫ চনলৈ টিভিত সম্প্ৰচাৰ হৈছিল। বহু বছৰ পাৰ হৈ গ'ল, কিন্তু এই ধাৰাবাহিকখনৰ প্ৰতি মানুহৰ মনত আজিও এক বিশেষ স্থান আছে।

1 / 5৯০ৰ দশকত দৰ্শকৰ জনপ্ৰিয় ধাৰাবাহিকৰ ভিতৰত আছিল শক্তিমান (Saktiman). ছুপাৰহিৰোৰ ওপৰত ভাৰতত প্ৰথমবাৰৰ বাবে শক্তিমান নামৰ ধাৰাবাহিকখন নিৰ্মাণ হৈছিল। ১৯৯৭ চনৰ পৰা ২০০৫ চনলৈ এই ধাৰাবাহিকখন ডিডি নেশ্যনেলত সম্প্ৰচাৰ হৈছিল। এই ধাৰাবাহিকখনৰ লগত মানুহৰ আবেগ জড়িত হৈ আছে।

৯০ৰ দশকত দৰ্শকৰ জনপ্ৰিয় ধাৰাবাহিকৰ ভিতৰত আছিল শক্তিমান (Saktiman). ছুপাৰহিৰোৰ ওপৰত ভাৰতত প্ৰথমবাৰৰ বাবে শক্তিমান নামৰ ধাৰাবাহিকখন নিৰ্মাণ হৈছিল। ১৯৯৭ চনৰ পৰা ২০০৫ চনলৈ এই ধাৰাবাহিকখন ডিডি নেশ্যনেলত সম্প্ৰচাৰ হৈছিল। এই ধাৰাবাহিকখনৰ লগত মানুহৰ আবেগ জড়িত হৈ আছে।

2 / 5

এই ধাৰাবাহিকখনৰ মূল চৰিত্ৰ অৰ্থাৎ শক্তিমানৰ চৰিত্ৰত অভিনয় কৰিছিল মুকেশ খান্নাই। ইয়াৰ মাজতে ছবি প্ৰেমী আৰু শক্তিমান অনুৰাগীসকলৰ বাবে আহিছে এক ভাল খবৰ। কিয়নো পুনৰ নতুন ৰূপত দৰ্শকৰ মাজত আহি আছে শক্তিমান। অৱশ্যে সৰু পৰ্দা নহয়, এইবাৰ ডাঙৰ পৰ্দাত শক্তিমান উপভোগ কৰিব পাৰিব।

3 / 5

ইতিমধ্যে এই ছবিখনৰ টিজাৰ মুক্তি লাভ কৰিছে। শেহতীয়াকৈ মুকেশ খান্নাই তেওঁৰ ইউটিউব চেনেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে, য’ত শ্ব’টোৰ কিছুমান পুৰণি ক্লিপ সংযোজন কৰা হৈছে, লগতে লিখা আছে যে তেওঁৰ উভতি অহাৰ সময় আহি পৰিছে।

4 / 5

মুকেশ খান্নাৰ ইউটিউব চেনেল ভীষ্মা ইণ্টাৰনেশ্যনেলত এই ছবিৰ টিজাৰ মুক্তি লাভ কৰিছে। ইয়াৰোপৰি ভিডিঅ'টো এটা গীত গাইছে মুকেশ খান্নাই। ‘আজাদি কে দিবানো নে জং লাদি ফিৰ জানে দি, আং আং কাট গায় মগৰ পাৰ আনচ ৱাটান পাৰ না আনে দি’নামৰ গীত গাইছে তেওঁ।

5 / 5

১৯৯৭ চনৰ পৰা ২০০৫ চনৰ ভিতৰত এই অনুষ্ঠানৰ ৪০০ৰো অধিক খণ্ড টেলিকাষ্ট কৰা হৈছিল। সেই সময়ত এই অনুষ্ঠানটো দূৰদৰ্শন নেচনেলত প্ৰদৰ্শিত হৈছিল। বৰ্তমান সময়ত ‘শক্তিমান’ ছবিখন ছবিগৃহত মুক্তি পাব পৰা যাব বুলি আশা কৰা হৈছে।

দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?