Assam: বিপদত একাংশ চৰকাৰী কৰ্মচাৰী! ৭ দিনৰ ভিতৰত এই কাম নকৰিলে হ'ব দৰমহা কৰ্তন... | show cause notice to assam secretariat workers assam Assam news - Assam Tv9

Assam: বিপদত একাংশ চৰকাৰী কৰ্মচাৰী! ৭ দিনৰ ভিতৰত এই কাম নকৰিলে হ’ব দৰমহা কৰ্তন…

Updated On: 

07 Oct 2024 17:13 PM

assam secretariat; বিপদত অসম বিধানসভা সচিবালয়ৰ শতাধিক কৰ্মচাৰী। ৭ দিনৰ ভিতৰত উত্তৰ নিদিলে হ'ব পাৰে দৰমহা কৰ্তন। শতাধিক কৰ্মচাৰীলৈ বিভাগীয় কৰ্তৃপক্ষই জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী।

1 / 5বিপদত অসম বিধানসভা সচিবালয়ৰ একাংশ কৰ্মচাৰী। ৭ দিনৰ ভিতৰত উত্তৰ নিদিলে কৰ্তন হ'ব পাৰে দৰমহা। সচিবালয়ৰ কৰ্মচাৰীৰ কাণ্ডক অসন্তুষ্ট হৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। অসন্তুষ্টি প্ৰকাশ কৰি প্ৰেৰণ কৰিছে কৰ্মচাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী।

বিপদত অসম বিধানসভা সচিবালয়ৰ একাংশ কৰ্মচাৰী। ৭ দিনৰ ভিতৰত উত্তৰ নিদিলে কৰ্তন হ'ব পাৰে দৰমহা। সচিবালয়ৰ কৰ্মচাৰীৰ কাণ্ডক অসন্তুষ্ট হৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। অসন্তুষ্টি প্ৰকাশ কৰি প্ৰেৰণ কৰিছে কৰ্মচাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী।

2 / 5

জানিব পৰা মতে গান্ধী জয়ন্তীৰ অনুষ্ঠানত উপস্থিত নাছিল সচিবালয়ৰ একাংশ কৰ্মচাৰী। যাৰ বাবে এইসকলৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে সচিবালয় কৰ্তৃপক্ষ। এই ক্ষেত্ৰত অসন্তুষ্টি ব্যক্ত কৰি উপাধ্যক্ষ নোমল মোমিনে এইসকল কৰ্মচাৰীলৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী।

3 / 5

কৰ্মচাৰীৰ উপস্থিতিকলৈ সচিবালয়ৰ সচিবকো প্ৰশ্ন কৰিছে নোমল মোমিনে। কি কাৰণে এইসকল কৰ্মচাৰ গান্ধী জয়ন্তীৰ অনুষ্ঠানত উপস্থিত নাছিল তাৰ কাৰণ বিচাৰিছে -উপাধ্যক্ষগৰাকীয়ে।

4 / 5

৭ দিনৰ ভিতৰত উপস্থিত নথকা কৰ্মচাৰীসকলে উত্তৰ দিব লাগিব। উপযুক্ত কাৰণ নহ'লে এইসকল কৰ্মচাৰীৰ দৰমহ কৰ্তন হোৱাৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বিভাগীয় কৰ্তৃপক্ষই।

5 / 5

উল্লেখ্য যে, প্ৰতিবছৰে ২ অক্টোবৰৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। চলিত বৰ্ষতো দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস পালন কৰা হৈছে। এই দিৱসৰ সংগতি ৰাখি অসম সচিবালয়তো বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। কিন্তু এই কাৰ্যসূচীত একাংশ কৰ্মচাৰীয়ে উপস্থিত নাছিল।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...
দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?
৮২৩ বছৰ পাছত বিৰল সংযোগ! কিয় মুছলিম সকলৰ বাবে বিশেষ জানুৱাৰী মাহটো...
মেজিৰ জুইত বাঁহেৰে সজা পানীহিলৈ ফুটোৱাটো পৰম্পৰাৰ বিষয়ে জানেনে?