শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কলকাতাৰ বজাৰলৈ প্ৰেৰণ শিৱসাগৰৰ ২৫ মেট্ৰিক টন ৰঙালাও…

কলকাতাৰ বজাৰলৈ প্ৰেৰণ কৰা হ'ব অসমত উৎপাদিত ৰঙালাও। অসমবাসীৰ বাবে নিশ্চয়কৈ এয় এক ভাল খবৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক বিশেষ পোষ্ট কৰিছে।

barasha-sarma
Barasha Sarma | Published: 19 Jan 2025 15:03 PM
কেৱল অসমতে নহয়, দেশৰ অন্য স্থানৰ বজাৰতো দেখা পোৱা যাব অসমত উৎপাদিত  ৰঙালাও। এয়া অসমবাসীৰ বাবে নিশ্চয় এক ভাল খবৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক বিশেষ পোষ্ট কৰি ৰাজ্যৰ কৃষকসকলক অভিনন্দন জ্ঞাপন কৰিছে।

1 / 5
জানিব পৰা মতে, শিৱসাগৰৰ দিচাংমুখৰ ৰঙালাও প্ৰেৰণ কৰা হ'ব কলকাতালৈ। কৃষি বিভাগৰ সহযোগত শিৱসাগৰৰ দিচাংমুখৰ  পৰা ২৫ মেট্ৰিকটন ৰঙালাও কলকাতাৰ বজাৰলৈ প্ৰেৰণ কৰা হ'ব।গতিকে কলকাতাৰ বজাৰত উপলব্ধ হ'ব অসমৰ ৰঙালাও।

2 / 5
অসম এখন কৃষি প্ৰধান ৰাজ্য। অসমৰ পৰা এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কাজি নেমু, ৰঙালাও আদিকে ধৰি অসমত উৎপাদিত বহু শাক-পাচলি সময়ে সময়ে দেশৰ লগতে বিদেশৰ বিভিন্ন স্থানলৈ  প্ৰেৰণ কৰা হয়। এনেসমূহ পদক্ষেপে ৰাজ্যৰ কৃষকসকলক অনুপ্ৰাণিত কৰে।

3 / 5
ইয়াৰ মাজতে এইবাৰ শিৱসাগৰৰ যুৱকসকলে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমৰ জৰিয়তে শৰ্মাই কয় যে,  ২৫ মেট্ৰিক টন ৰঙালাও কলকাতাৰ বজাৰলৈ পঠিওৱাৰ  অসমৰ কৃষকসকলৰ বাবে শুভ বাৰ্তা।

4 / 5
সামাজিক মাধ্যমত শৰ্মাই লিখে- কৃষক বন্ধুসকলৰ দ্বাৰা উৎপাদিত ফচলক উপযুক্ত বজাৰ সংযোগীকৰণৰ জৰিয়তে উপকৃত কৰিবলৈ আমাৰ চৰকাৰে ধাৰাবাহিকভাৱে কাম কৰি আছে৷ এই প্ৰচেষ্টাৰে অংশ হিচাপে আমাৰ কৃষি বিভাগৰ সহযোগিতাত শিৱসাগৰৰ দিচাংমুখৰ ২৫ মেট্ৰিক টন ৰঙালাও কলকাতাৰ বজাৰলৈ পঠিওৱাৰ বাৰ্তাটি কৃষক বন্ধুৰ বাবে প্ৰেৰণাদায়ক হোৱাৰ লগতে ৰাজ্যৰ বাবেও শুভ বাৰ্তা বহন কৰিছে।

5 / 5
Latest Stories