ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! মাত্ৰ কৰক সহজ এই ৫ টা কাম... | skin care do this 5 yogasan for bighting skin glow Assam news - Assam Tv9

ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! মাত্ৰ কৰক সহজ এই ৫ টা কাম…

Published: 

24 Feb 2025 08:42 AM

Yoga for skin: শৰীৰৰ লগতে মন শান্ত কৰি ৰখাৰ উত্তম উপায় যোগাসন। অৱশ্য কেৱল শৰীৰ আৰু মনেই নহয়, ই আমাৰ ছাল সুন্দৰ কৰি ৰখাতো সহায় কৰে।

1 / 5ভূজংগাসনঃ এই আসন কৰিলে ডাবল চিন অৰ্থাৎ থুতুৰীৰ তলত বৃদ্ধি পোৱা চৰ্বি কম হয়। ইয়াৰ ফলক ছালৰ ৰেখা কমি মুখখন সুস্থ যেন লাগে। এই যোগাসন হাওঁফাওঁৰ বাবে অতি উপকাৰী। ইয়াৰ ফলত শৰীৰত অক্সিজেনৰ যোগান বৃদ্ধি পায়। (Pic: Pexels)

ভূজংগাসনঃ এই আসন কৰিলে ডাবল চিন অৰ্থাৎ থুতুৰীৰ তলত বৃদ্ধি পোৱা চৰ্বি কম হয়। ইয়াৰ ফলক ছালৰ ৰেখা কমি মুখখন সুস্থ যেন লাগে। এই যোগাসন হাওঁফাওঁৰ বাবে অতি উপকাৰী। ইয়াৰ ফলত শৰীৰত অক্সিজেনৰ যোগান বৃদ্ধি পায়। (Pic: Pexels)

2 / 5

উত্তনাসনঃ প্ৰতিদিনে অলপ সময় উত্তনাসন কৰা শৰীৰৰ লগতে ছালৰ বাবেও ভাল। ইয়াৰ ফলত ছাল টান হৈ পৰে আৰু ৰেখাসমূহ কমি যায়। বয়সৰ প্ৰভাৱ পৰাৰ পৰা ছালক দূৰত ৰাখে। ই ছালৰ বিভিন্ন সমস্যা ৰোধ কৰে।ইয়াৰ উপৰিও ই মেৰুদণ্ডক নমনীয় আৰু শক্তিশালী কৰি তোলে, মানসিক চাপ কমায় আৰু লগতে ভৰি দুখন শক্তিশালী কৰে। (Pic: Pexels)

3 / 5

অধোমুখাসনঃ ছালখন সুস্থ আৰু উজ্জ্বল কৰি তুলিবলৈ অধোমুখাসন কৰিব লাগে। ইয়াৰ ফলত মুখৰ ফালে ৰক্ত সঞ্চালন বৃদ্ধি পায় লগতে মুখৰ চৰ্বি কম হয়। বয়সৰ চাপ পৰাতো ই বাধা প্ৰদান কৰে। এই যোগ আসনে মানসিক চাপও হ্ৰাস কৰে আৰু মগজু, হৃদযন্ত্ৰ আৰু ছাল সুস্থ কৰি ৰাখে। (Pic: Pexels)

4 / 5

সৰ্বাংগাসনঃযদি আপুনি বাৰ্ধক্যৰ লক্ষণসমূহ প্ৰতিৰোধ বা হ্ৰাস কৰিব বিচাৰে তেন্তে সৰ্বাংগাসন কৰা অত্যন্ত ভাল। ইয়াৰ ফলত ছালৰ টেক্সচাৰ উন্নত হয়। ই তেলৰ সঞ্চালন ভাল কৰে লগতে ছালক পুষ্টি প্ৰদান কৰে। যাৰ ফলত ছাল উজ্বল হৈ উঠে। এই যোগাসন থাইৰয়ড গ্ৰন্থি সুস্থ কৰি ৰখাৰ লগতে হজম শক্তি, প্ৰজনন তন্ত্ৰ, স্নায়ুতন্ত্ৰ (মগজু), চকু ইত্যাদিৰ বাবেও উপকাৰী। (Pic: Pexels)

5 / 5

প্ৰাণায়ম: প্ৰাণায়মৰ দ্বাৰা যোগাসন আৰম্ভ কৰিব লাগে। ই শ্বাস-প্ৰশ্বাসৰ প্ৰক্ৰিয়া ভাল কৰে। ইয়াৰ ফলত শৰীৰত অক্সিজেনৰ প্ৰবাহ বৃদ্ধি পায়। যাৰ ফলত ছাল ধুনীয়া হৈ পৰে। অনুলোম-ভিলোম আটাইতকৈ সহজ প্ৰাণায়াম। এই আসনে আপোনাৰ মন, মগজু শান্ত কৰি ৰখাতো সহায় কৰে। (Pic: Pexels)

আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...