বিচনাত পৰিলে টোপনি যায় নেকি? কিয়নো বিচনাত পৰিলেই টোপনি যোৱা মানুহৰ ৰে'লত বহুত সমস্যা হয়।
দীৰ্ঘ দূৰত্বৰ ৰে'ল যাত্ৰাৰ ক্ষেত্ৰত তেওঁলোকে চিন্তা কৰে যে, যদি তেওঁলোকে কোনো নিৰ্দিষ্ট ষ্টেচনত সাৰ নাপায়? এই ভয়ৰ বাবেই বহু লোকে ৰাতি ৰে'লত নুশুৱে।
এতিয়াৰে পৰা ভাৰতীয় ৰেলৱেই আপোনাক ৰে'লত জগাই দিয়াৰ দায়িত্ব ল’ব। ইয়াৰ বাবে আপুনি মাত্ৰ এটা কাম কৰিব লাগিব। ৰে'লত উঠাৰ আগতে ১৩৯ নম্বৰত মেছেজ কৰিব লাগিব।
ইয়াত আপুনি আপোনাৰ পছন্দৰ ভাষা নিৰ্বাচন কৰিব লাগিব, আপুনি যাবলগীয়া ৰে'লখনৰ ১০ সংখ্যাৰ পিএনআৰ নম্বৰ আৰু আপুনি নামিব পৰা ষ্টেচনটো দিব লাগিব।
যদি ১৩৯ নম্বৰত বাৰ্তা প্ৰেৰণ কৰে। তেনেহ'লে ৰে'লৱেয়ে আপোনাক জগাই দিব । ষ্টেচন পোৱাৰ ২০ মিনিট আগতেই আপোনাৰ ফোনটোত এলাৰ্মিং আৰম্ভ হ’ব।
ফলত ৰে'লত আৰামত শুব পাৰিব। ষ্টেচন এৰি যোৱাৰ কোনো ভয় নাথাকিব।
লগতে ৰে'লযোগে যাত্ৰা কৰাৰ সময়ত যদি আন কোনো সেৱা বা সহায়ৰ প্ৰয়োজন হয় তেন্তে "Rail Madad" ৱেবছাইটত গৈ অভিযোগ কৰিব পাৰে বা সহায় বিচাৰিব পাৰে।