মাত্ৰ ৫-১০ হাজাৰ টকাত স্মাৰ্টফোন! আছে অতিৰিক্ত অফাৰোঃ নেহেৰুৱাব সুযোগ.. | Smartphone under 10000 Redmi Lava Samsung Poco offers Assam news - Assam Tv9

মাত্ৰ ৫-১০ হাজাৰ টকাত স্মাৰ্টফোন! আছে অতিৰিক্ত অফাৰোঃ নেহেৰুৱাব সুযোগ..

Updated On: 

06 Sep 2024 16:07 PM

বৰ্তমান সময়ত এটা স্মাৰ্টফোনৰ প্ৰয়োজনীয়তা কিমান, সেয়া নতুনকৈ নক’লেও হ’ব। পিছে হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে এটি স্মাৰ্টফোন ক্ৰয়ৰ বাবে বহুলোক থমকিবলগা হয়। গতিকে কম বাজেটৰ ভিতৰত যদি এটা স্মাৰ্টফোন ক্ৰয় কৰিব বিচাৰে, তেন্তে এই স্মাৰ্টফোনকেইটাৰ ওপৰত এবাৰ চকু ফুৰাব পাৰে। মাত্ৰ ৫ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকাৰ বাজেটতে ক্ৰয় কৰিব পাৰে এই স্মাৰ্টফোনকেইটা। তদুপৰি এই স্মাৰ্টফোনকেইটাত বেংকৰ অফাৰৰ সুবিধাও লাভ কৰিব গ্ৰাহকসকলে।

1 / 5Lava 02: লাভাৰ এই স্মাৰ্টফোনটো ২০ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৭,৯৯৯ টকাত ই-কমাৰ্চ প্লেটফৰ্মত উপলব্ধ। তদুপৰি এই স্মাৰ্টফোনটোত নিৰ্বাচিত বেংকৰ ক্ৰেডিট কাৰ্ডত ন’ কষ্ট ইএমআই আৰু ৰেহাইৰ সুবিধাও লাভ কৰিব।

Lava 02: লাভাৰ এই স্মাৰ্টফোনটো ২০ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৭,৯৯৯ টকাত ই-কমাৰ্চ প্লেটফৰ্মত উপলব্ধ। তদুপৰি এই স্মাৰ্টফোনটোত নিৰ্বাচিত বেংকৰ ক্ৰেডিট কাৰ্ডত ন’ কষ্ট ইএমআই আৰু ৰেহাইৰ সুবিধাও লাভ কৰিব।

2 / 5

itel A70: এই স্মাৰ্টফোনটো মাত্ৰ ৭,২৯৯ টকাত ৩৪ শতাংশ ৰেহাইৰ সৈতে আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব। এই ফোনটোত ট্ৰিপল ৰিয়াৰ কেমেৰাৰ সুবিধাও থাকিব। এইচ ডি এফ চি বেংকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰিলে ইয়াৰ ওপৰত ১৭৫০ টকা পৰ্যন্ত অতিৰিক্ত ৰেহাই পাব।

3 / 5

Redmi 13C: মাত্ৰ ৭,৬৯৮ টকাত লাভ কৰিব এই মোবাইলটো। স্মাৰ্টফোনটোত ৪জিবি ৰেম, ১২৮জিবি ষ্ট’ৰেজৰ সুবিধা লাভ কৰিব। তদুপৰি ন’ কষ্ট ইএমআই আৰু বেংকৰ অফাৰৰ সুবিধাও লাভ কৰিব এই স্মাৰ্টফোনত।

4 / 5

POCO M6 5G: প’ক’ৰ এই স্মাৰ্টফোনত আছে 5000 mAh বেটাৰী, যিয়ে 18W ফাষ্ট চাৰ্জিং সুবিধা উপলব্ধ। মাত্ৰ ৯,৯৯৮ টকাত ৰেহাইৰ সৈতে এই ফোনটো ক্ৰয় কৰিব পাৰিব। লগতে লাভ কৰিব বেংকৰ ৰেহাই।

5 / 5

Samsung Galaxy M14: এই স্মাৰ্টফোনটো আপুনি ৮,৩০৫ টকাত ক্ৰয় কৰিব পাৰিব। অনলাইন প্লেটফৰ্ম Amazon ত এই মোবাইলটো বিশেষ ৰেহাইত ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে। তদুপৰি বেংক অফাৰৰ সুবিধাও লাভ কৰিব এই মোবাইলটোত।

কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক
এটুকুৰা গুৰে বৃদ্ধি কৰিব পাৰে আপোনাৰ আয়ুস!