এতিয়া বনভোজৰ বতৰ। পৰিয়াল অথবা বন্ধুৰ সৈতে আপুনিও ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? তাৰ পূৰ্বে জানি লওক অসম আৰক্ষীৰ নিৰ্দেশনা...
বনভোজথলীত সুৰা, ড্ৰাগছ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা। কোনো বনভোজকাৰীয়ে কৰিব নোৱাৰিব সুৰাপান।
অতিৰিক্ত বোজাই কৰিব নোৱাৰিব বনভোজৰ বাহনত। বহু সময়ত বনভোজকাৰীৰ বাহনসমূহত অতিৰিক্ত লোক বিপজ্জনকভাৱে উঠি যোৱা পৰিলক্ষিত হয় ।
বনভোজকাৰীৰ বাহন হিচাপে নিব নোৱাৰিব মালবাহী বাহন।
লগতে যাত্ৰাপথত উচ্চস্বৰত শব্দযন্ত্ৰ বজোৱাত আৰোপ কৰা হৈছে নিষেধাজ্ঞা।