জীৱনৰ ৫২তম বসন্ত গচকিলে দাদাইঃ ক্ৰিকেট ইতিহাসত এতিয়াও অক্ষত গাংগুলীৰ এইসমূহ ৰেকৰ্ড Assam news - Assam Tv9

জীৱনৰ ৫২তম বসন্ত গচকিলে দাদাইঃ ক্ৰিকেট ইতিহাসত এতিয়াও অক্ষত গাংগুলীৰ এইসমূহ ৰেকৰ্ড

Updated On: 

08 Jul 2024 12:28 PM

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ, অধিনায়ক তথা ‘প্ৰিন্স অৱ কলকাতা’ খ্যাত ‘দাদা‘ সৌৰভ গাংগুলীৰ আজি ৫২ তম জন্মদিন। ‘দাদা’ৰ জন্মদিনত ক্ৰিকেট বিশ্বৰ বহু ৰথী-মহাৰথীৰ লগতে অনুৰাগীয়ে জনাইছে শুভেচ্ছা। ভাৰতীয় ক্ৰিকেটৰ নৱ উত্থানৰ খনিকৰ গাংগুলীয়ে জাতীয় দলক ১১৩খন টেষ্ট, ৩০০খন এদিনীয়াত প্ৰতিনিধিত্ব কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সংগ্ৰহ কৰিছে ১৮৫৭৫ ৰাণ। লৰ্ডছৰ পেভিলিয়নত নেটৱেষ্ট ট্ৰফী জয়ৰ পিছত জাৰ্চি খুলি কৰা গাংগুলীৰ বিজয় উদযাপনৰ সেই ঐতিহাসিক দৃশ্য আজিও যেন চকুত ভাঁহি আহে ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ। বিদেশৰ মাটিত ভাৰতৰ জয়ৰ ধাৰা ৰচনাৰ পৰা ক্ৰিকেট জগতৰ অন্যতম সৰ্বশ্ৰেষ্ঠ অধিনায়কৰ লগতে কেৰিয়াৰত বহু অনন্য কৃতিত্ব ৰচা কৰিছে গাংগুলীয়ে। প্ৰাক্তন তাৰকাগৰাকীৰ নামত এতিয়াও অক্ষত আছে এনে আঠটা ৰেকৰ্ড....

1 / 8এদিনীয়া

এদিনীয়া বিশ্বকাপৰ ইতিহাসত এখন মেচত সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ অভিলেখ এতিয়াও অক্ষত আছে গাংগুলীৰ নামত। ১৯৯৯ চনৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে ১৮৩ ৰাণৰ এই বিধ্বংসী ইনিংছটো খেলিছিল সৌৰভ গাংগুলীয়ে।

2 / 8

এদিনীয়া ক্ৰিকেটৰ ইতিহাসত একেৰাহে চাৰিখন মেচত মেন অৱ দ্য মেচ বঁটা লাভ কৰাৰ অনন্য আৰু ব্যতিক্ৰমী অভিলেখ আছে সৌৰভ গাংগুলীৰ নামত। ১৯৯৭ চনত পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা শৃংখলাত এই অভিলেখ গঢ়িছিল সৌৰভ গাংগুলীয়ে।

3 / 8

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ব্যক্তিগত সৰ্বাধিক স্ক’ৰৰ অভিলেখো আছে সৌৰভ গাংগুলীৰ নামত। ২০০০ চনত গাংগুলীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ১১৭ ৰাণৰ ইনিংছ খেলিছিল।

4 / 8

এদিনীয়া বিশ্বকাপৰ ইতিহাসত এখন মেচত সৰ্বাধিক ৰাণৰ যুটীৰ অভিলেখো আছে গাংগুলীৰ নামত। ১৯৯৯ চনৰ এদিনীয়া বিশ্বকাপত গাংগুলীয়ে ৰাহুল দ্ৰাবিড়ৰ সৈতে ৩১৮ ৰাণৰ যুটী গঢ়ি তুলিছিল। ভাৰতৰ এদিনীয়া ক্ৰিকেট ইতিহাসত এয়া সৰ্বাধিক আৰু বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক ৰাণৰ যুটী।

5 / 8

এদিনীয়া ক্ৰিকেটৰ ইতিহাসত যুটীৰ ক্ষেত্ৰত সৰ্বাধিক ৰাণৰ অভিলেখৰো গৰাকী গাংগুলী। শচীন টেণ্ডুলকাৰৰ সৈতে যুটী বান্ধি গাংগুলীয়ে ১৭৬ ইনিংছত ৮২২৭ ৰাণৰ অবিস্মৰণীয় ৰেকৰ্ড স্থাপন কৰিছে!

6 / 8

চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জনৰো ৰেকৰ্ড আছে সৌৰভ গাংগুলীৰ নামত। মিনি বিশ্বকাপ হিচাপে পৰিচিত চেম্পিয়নছ ট্ৰফীত তেওঁ তিনিটা শতক অৰ্জন কৰিছে। তেওঁৰ সৈতে যুটীয়াভাৱে এই ৰেকৰ্ড গঢ়িছে হাৰ্চেল গিবছ, শিখৰ ধাৱান আৰু ক্ৰীছ গেইলে।

7 / 8

ভাৰতৰ বাওঁহতীয়া বেটাৰৰ ভিতৰত টেষ্টত এটা ইনিংছত সৰ্বাধিক স্ক’ৰৰ অভিলেখো আছে সৌৰভ গাংগুলীৰ নামত। ২০০৭ চনত বাংগালুৰুত পাকিস্তানৰ বিৰুদ্ধে ২৩৯ ৰানৰ ইনিংছ খেলিছিল সৌৰভে।

8 / 8

পাকিস্তানৰ মাটিত টেষ্ট শৃংখলাত জয়ী হোৱা একমাত্ৰ ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈছে গাংগুলী। ২০০৪ চনত সৌৰভ গাংগুলীৰ নেতৃত্বত ভাৰতে পাকিস্তান ভ্ৰমণ কৰিছিল আৰু এই ভ্ৰমণত ভাৰতে তিনিখন মেচৰ টেষ্ট শৃংখলাত ২-১ ব্যৱধানত জয়লাভ কৰিছিল।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...