ADREৰ পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বিশেষ ব্যৱস্থা, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ | special train for candidates adre exam assam cm Himanta Biswa Sarma Assam news - Assam Tv9

ADREৰ পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বিশেষ ব্যৱস্থা, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ

Published: 

24 Oct 2024 20:04 PM

২৭ অক্টোবৰত অনুষ্ঠিত হ’ব ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা। ৰাজ্যৰ বহু পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব এই পৰীক্ষাত। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা। সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

1 / 5২৭

২৭ অক্টোবৰত ADRE ২০২৪ৰ শেষৰটো পৰীক্ষা। মেট্ৰিক উত্তীৰ্ণ-অনুতীৰ্ণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পৰীক্ষা। ৰাজ্যৰ বহু পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব এই পৰীক্ষাত।

2 / 5

পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কৰিছে বিশেষ ৰে’লৰ ব্যৱস্থা।

3 / 5

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা। যাতে কোনো পৰীক্ষাৰ্থীয়ে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়।

4 / 5

পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কৰিছে বিশেষ ৰে’লৰ ব্যৱস্থা। সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

5 / 5

আগবেলা পৰীক্ষাত বহিব ৮ লাভ ২৭ হাজাৰ পৰীক্ষাৰ্থী। পিছবেলা পৰীক্ষাত বহিব ৫ লাখ ৫২ হাজাৰ পৰীক্ষাৰ্থী। সুন্দৰ পৰিৱেশত পৰীক্ষাৰ্থীসকলে পৰীক্ষা দিব পাৰিব বুলি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। পোষ্টটোৰ জৰিয়তে পৰীক্ষাৰ্থীসকলক শুভেচ্ছাও জনালে মুখ্যমন্ত্ৰীয়ে।

সৰিয়হৰ শাকত কি কি ভিটামিন থাকে?
কাটাৰৰ সৈতে ভাৰতৰ ঘূৰ্ণীবতাহ 'ডানা'ৰ সম্পৰ্ক কি?
ধনতেৰাচৰ নিশা যম দেৱতাৰ নামত কিমান চাকি জ্বলাব লাগে?
E-69: পৃথিৱীৰ শেষৰটো পথ,য'ত ৬ মাহত হয় এটা দিন...