ছত্তীশগড়ৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আসন... | Srimanta Sankardeva Asana at Pandit Ravi Shankar Shukla University chattishgarh Assam news - Assam Tv9

ছত্তীশগড়ৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আসন…

Published: 

04 Mar 2025 11:49 AM

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। ছত্তীশগড়ৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আসন। ৰাজ্যপাল ৰমেন ডেকাই জনাই এই কথা।

1 / 5ৰাজ্যবাসীৰ বাবে ভাল খবৰ।  চত্তীশগড়ৰ  ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত সংৰক্ষণ হ'ব আসন। এই সন্দৰ্ভত ৰাজ্যখনৰ ৰাজ্যপাল ৰমেন ডেকাই কয় যে, ৰায়পুৰস্থিত পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ ঘোষণা কৰা হৈছে।

ৰাজ্যবাসীৰ বাবে ভাল খবৰ। চত্তীশগড়ৰ ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত সংৰক্ষণ হ'ব আসন। এই সন্দৰ্ভত ৰাজ্যখনৰ ৰাজ্যপাল ৰমেন ডেকাই কয় যে, ৰায়পুৰস্থিত পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ ঘোষণা কৰা হৈছে।

2 / 5

ইয়াৰ লগতে তেওঁ কয় যে, এই পদক্ষেপৰ বাবে বাজেট ধাৰ্য কৰা হৈছে ২ কোটি টকা। ইয়াৰোপৰি ৰাজ্যখনৰ সৈতে অসমৰ সাংস্কৃতিক বিনিময়ৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যপাল তথা বিজেপি নেতাগৰাকীয়ে। তেওঁ কয় যে, সুদীৰ্ঘ ৫০ বছৰৰ পিছত ছত্তীশগড়ৰ আগশাৰীৰ বিশ্ববিদ্যালয় এখনত গুৰুজনাৰ নামত আসন প্ৰতিষ্ঠা হ'বলৈ যোৱাটো নিশ্চিতভাবে আমাৰ বাবে আনন্দৰ বতৰা।

3 / 5

ডেকাই এই পদক্ষেপত সহায় আগবঢ়োৱা বাবে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সাই তথা চত্তীশগড় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত এক পোষ্ট কৰিছে ডেকাই। উল্লেখ্য যে, ৰাজ্যপাল হিচাপে দায়িত্ব লোৱাৰ পাছতে ডেকাই অসমৰ সৈতে ছত্তীশগড়ৰ সম্পৰ্ক মধুৰ কৰাৰ চেষ্টা কৰি আহিছে।

4 / 5

ৰমেন ডেকাই লগতে কয়, ৫০ বছৰ পূৰ্বে মহেন্দ্ৰ মোহন চৌধুৰী পাঞ্জাৱৰ ৰাজ্যপাল হৈ থাকোতেই পাঞ্জাৱৰ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰিছিল।তাৰ ঠিক ৫০ বছৰ পাছত এতিয়া ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠা হ'ব। নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ সময়ত এই আসন প্ৰতিষ্ঠা কৰা হ'ব বুলি তেওঁ জনায়।

5 / 5

ডেকাৰ এই পদক্ষেপৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক কৃতজ্ঞতা জনাই কয় যে,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত এয়া এক উল্লেখনীয় বতৰা৷ দেশৰ প্ৰেক্ষাপটত পঞ্জাৱ বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পাছত ৰায়পুৰৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ পদক্ষেপটিৰ বাবে ছত্তীশগড়ৰ মাননীয় ৰাজ্যপাল শ্ৰীৰমেন ডেকা ডাঙৰীয়া প্ৰমুখ্যে ছত্তীশগড় চৰকাৰলৈ অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷

মাহেকীয়াৰ সময়ত মন্দিৰলৈ যোৱাটো পাপ নেকি? জয়া কিশোৰীয়ে দিলে ইয়াৰ উত্তৰ
খালী পেটত গ্ৰীণ টি খাই নেকি? তেন্তে জানক ইয়াৰ ফলত কি হ'ব পাৰে...
ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী