ছানী দেউলে নাকচ কৰা এই ৪ খন ছবিৰ বাবে শ্বাহৰুখ খান হৈ পৰিছিল বলীউডৰ বাদশ্বাহ | Sunny deol rejected this film who make shahrukh khan as superstar in details Assam news - Assam Tv9

ছানী দেউলে নাকচ কৰা এই ৪ খন ছবিৰ বাবে শ্বাহৰুখ খান হৈ পৰিছিল বলীউডৰ বাদশ্বাহ

Updated On: 

11 Mar 2025 12:08 PM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা ছানী দেউল। নিজৰ কেৰিয়াৰত দৰ্শকক বহু কেইখন ভাল ছবি দিছে ছানীয়ে। কিন্তু এটা সময়ত ছানীয়ে নাকচ কৰা ছবিৰ বাবে শ্বাহৰুখ খান হৈ পৰিছিল চুপাৰষ্টাৰ।

1 / 5বলীউড অভিনেতা ছানী দেউলৰ আহিবলগীয়া ছবি জাটৰ বাবে অপেক্ষা কৰি আছে অনুৰাগীসকল।  নিজৰ কেৰিয়াৰত ছানীয়ে বহু ছবিত অভিনয় কৰি দৰ্শকৰ মন মুহিছে। কিন্তু ছানীয়ে নাকচ কৰা কেইখনমান ছবিয়ে শ্বাহৰুখ খানক চুপাৰষ্টাৰ বনোৱাত সহায় কৰিছিল।

বলীউড অভিনেতা ছানী দেউলৰ আহিবলগীয়া ছবি জাটৰ বাবে অপেক্ষা কৰি আছে অনুৰাগীসকল। নিজৰ কেৰিয়াৰত ছানীয়ে বহু ছবিত অভিনয় কৰি দৰ্শকৰ মন মুহিছে। কিন্তু ছানীয়ে নাকচ কৰা কেইখনমান ছবিয়ে শ্বাহৰুখ খানক চুপাৰষ্টাৰ বনোৱাত সহায় কৰিছিল।

2 / 5

বলীউডৰ এখন জনপ্ৰিয় ছবি বাজীগৰ। এই ছবিখনৰ মূল চৰিত্ৰৰ অফাৰ প্ৰথমে ছানী দেউলে লাভ কৰিছিল। কিন্তু সেই সময়ত তেওঁ অন্য ছবিৰ কামত ব্যস্ত আছিল যাৰ বাবে অফাৰ নাকচ কৰিছিল। পৰৱৰ্তী সময়ত এই চৰিত্ৰত শ্বাহৰুখ খানে অভিনয় কৰিছিল।

3 / 5

ডৰ নামৰ ছবিখনত শ্বাহৰুখ খান আৰু ছানী দেউল দুয়োৱে অভিনয় কৰিছে। জানিব পৰা মতে, এই ছবিখনত শ্বাহৰুখে কৰা চৰিত্ৰটো প্ৰথমে ছানীক অফাৰ কৰা হৈছিল। কিন্তু ছানীয়ে সেয়া নাকচ কৰি আনটো চৰিত্ৰ বাচি লৈছিল। পৰৱৰ্তী সময়ত শ্বাহৰুখে এই ছবিৰ বাবে জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছিল।

4 / 5

শ্বাহৰুখ খানে অভিনয় কৰা আন এখন ছবি কোয়ল। এই ছবিখনত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। কিন্তু ইয়াৰ পূৰ্বে এই ছবিখনৰ অফাৰ ছানী দেউলে লাভ কৰিছিল। কিন্তু ছানীয়ে এই অফাৰ নাকচ কৰিছিল আৰু পাছত এই ছবিয়ে শ্বাহৰুখ খানক চুপাৰষ্টাৰ বনোৱাত সহায় কৰিছিল।

5 / 5

শ্বাহৰুখ খানৰ অভিনীত দিলৱালে দুলহনীয়া লে জায়েংগে ছবিখনৰ অফাৰো ছানী দেউলে লাভ কৰিছিল। কিন্তু ছানীয়ে অফাৰ নাকচ কৰাৰ পাছত এই ছবিত শ্বাহৰুখে অভিনয় কৰিছিল। পাছলৈ এই ছবিখনৰ জনপ্ৰিয়তা বহু বৃদ্ধি পাইছিল। আনকি আজিৰ দিনটো এই ছবিৰ জনপ্ৰিয়তা কম হোৱা নাই।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?