5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

T20 World Cup: ভাৰতৰ সমুখত প্ৰত্যাহ্বান হৈ উঠিব পাৰে এইকেইগৰাকী আইৰিচ তাৰকা..

আজি বিশ্বকাপৰ প্ৰথমখন মেচত আয়াৰলেণ্ডৰ বিপক্ষে অৱতীৰ্ণ হ’ব ভাৰতীয় দল। তুলনামূলকভাৱে দুৰ্বল আয়াৰলেণ্ডৰ বিপক্ষে ভাৰতৰে জয়ৰ পূৰ্ণ সম্ভাৱনা আছে যদিও আইৰিচ দলটোৰ শক্তিক একেবাৰে উলাই কৰাও উচিত নহ’ব। অভিজ্ঞ খেলুৱৈৰ লগতে প্ৰতিভাৱান যুৱ তাৰকাৰে সমৃদ্ধ দলটোৱে যিকোনো দলকে চাপত পেলাব পৰাকৈ উন্নত প্ৰদৰ্শন দাঙি ধৰাত সক্ষম। আজিও ভাৰতৰ জয়ৰ ক্ষেত্ৰত এনেকেইগৰাকীমান তাৰকা প্ৰত্যাহ্বান ৰূপে থিয় দিব পাৰে।

monjit-dutta
Monjit Dutta | Updated On: 05 Jun 2024 17:46 PM
আয়াৰলেণ্ড ক্ৰিকেট দলৰ আটাইতকৈ অভিজ্ঞ তাৰকা তথা দলটোৰ অধিনায়ক পল ষ্টাৰ্লিঙে ভাৰতীয় দলৰ সমুখত আটাইতকৈ বৃ্হৎ প্ৰত্যাহ্বান গঢ়ি তুলিব পাৰে। দলৰ হৈ ১৪২ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলা বিস্ফোৰক বেটিঙৰ বাবে খ্যাত ষ্টাৰ্লিঙে এইপৰ্যন্ত ৩৫৮৯ ৰাণ সংগ্ৰহ কৰি টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ ইতিহাসত চতুৰ্থ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে।

1 / 5
অভিজ্ঞ তাৰকা এণ্ড্ৰিউ বালবিৰ্ণী ভাৰতীয় দলৰ সমুখত প্ৰত্যাহ্বান হৈ উঠিব পাৰে। এই পৰ্যন্ত ১০৭খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচৰ অভিজ্ঞতাৰে পুষ্ট বালবিৰ্ণীয়ে আছে আৰু এই মেচসমূহত বালবিৰ্ণীয়ে ২৩৭০ ৰান সংগ্ৰহ কৰিছে।

2 / 5
বাওঁহতীয়া পেচাৰ জছুৱা লিটল আয়াৰলেণ্ডৰ বলিং আক্ৰমণৰ অন্যতম প্ৰধান অস্ত্ৰ। সঠিক লাই-লেংথৰ লগতে ছুইঙৰ দক্ষতাৰেও প্ৰতিপক্ষক বিপদত পেলাব পাৰে ট্ৰেক্টৰে। তদুপৰি বাওঁহাতৰ পেচাৰৰ সমুখত ভাৰতীয় বলাৰৰ দুৰ্বলতা সময়ে সময়ে প্ৰকাশ পাই আহিছে। এনে অৱস্থাত ৬৬খন টি-২০ মেচত ৭৮টা উইকেট দখল কৰা লিটল ভাৰতৰ বাবে হৈ পৰিব পাৰে প্ৰত্যাহ্বান।

3 / 5
যুৱ তাৰকা হেৰী টেক্টৰ আয়াৰলেণ্ডৰ অন্যতম প্ৰতিভাৱান বেটাৰ। এইপৰ্যন্ত ৭৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলা হেৰীয়ে ৫টা অৰ্ধশতকসহ ১২৪৫ ৰাণ সংগ্ৰহ কৰিছে। নিয়ন্ত্ৰিত বলিঙেৰেও প্ৰতিপক্ষক বান্ধি ৰখাত সক্ষম খেলুৱৈগৰাকী।

4 / 5
আয়াৰলেণ্ডৰ বাওঁহতীয়া স্পিনাৰ জৰ্জ ডকৰেল দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ তাৰকা। বিশেষকৈ ইনিংছৰ মাজৰ অভাৰকেইটাত নিয়ন্ত্ৰিত বলিঙেৰে বেটাৰক যথেষ্ট চাপত পেলায় ডকৰেলে। বেটিঙতো খেলুৱৈগৰাকীয়ে ল’ব পাৰে নিৰ্ণায়ক ভূমিকা।

5 / 5
Latest Stories