ইতিহাস ৰচিলে ভাৰতে। টি-২০ বিশ্বকাপ ফাইনেলৰ প্ৰথম অৱস্থাত লাগিছিল যে এইবাৰো ইণ্ডিয়াই জয়ৰ সোৱাদ নাপাব। কিন্তু কেইজনমান খেলুৱৈৰ দুৰ্দন্ত প্ৰদৰ্শনে আশাত চেঁচাপানী পৰিব নিলে। ৭ জন ক্ৰিকেটৰ হিৰোৰ কথা এতিয়া সমগ্ৰ দেশে কৈ আছে।
ৰোহিত, ঋষভ, সূৰ্য কুমাৰ যাদৱ আউট হোৱাৰ পাছত সকলোৰে জয়ক লৈ শংকা বৃদ্ধি পাইছিল। কিন্তু খেলখন ধৰি ৰখাত সহায় কৰে বিৰাট কোহলীয়ে। আৰম্ভণীৰ পৰা প্ৰায় শেষলৈ খেলপথাৰত থাকে কোহলী। ৫৯ ৰাণত ৭৬ ৰাণৰ দুৰ্দান্ত বেটিং কৰে কোহলীয়ে।
অক্সৰ পেটেলে ৫ নম্বৰত বেটিং কৰিছিল। বিৰাট কোহলীক সম্পূৰ্ণ সহযোগ কৰকে অক্সৰে। তেওঁ ৩১ টা বলত ৪৮ ৰাণ কৰিবলৈ সক্ষম হয়। বিৰাটৰ লগত একেলগে ৭২ ৰাণ সংগ্ৰহ কৰে। ১৪ অভাৰত অক্সৰ পেটেল আউট হোৱাৰ পাছত খেলত নামে শিৱম ডুবে। খেল আৰম্ভ কৰিয়েই শিৱম ডুবে ৰাণৰ বৰষুণ কৰে। ইয়ে খেলখন আগুৱাই নিয়াত সহায় কৰে।১৬ টা বলত ২৭ ৰাণ কৰে শিৱম ডুবে।
ফাইনেলত হাৰ্দিক পাণ্ডিয়াৰ অৱদান শলাগ ল'বলগীয়া। ক্লাছেনে এটা অভাৰত ২৪ ৰাণ কৰাৰ পাছত ১৭ অভাৰত বল দিছিল হাৰ্দিকে। প্ৰথমটো বলতে হাৰ্দিকে আউট কৰিছিল ক্লাছেনক। ইয়াৰ পাছতে আউট কৰে ডেভিদ মিলাৰক। ৩ অভাৰত পাণ্ডিয়াই মাত্ৰ ২০ ৰাণ দি ৩টা উইকেট লয়। বুমবাৰহেও কেইবাটাও গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। বুমৰাহ হয় বিশ্বকাপৰ প্লেয়াৰ অফ দ্যা টুৰ্ণামেন্ট। প্ৰতিখন খেলত বুমৰাহৰ বলিং লক্ষণীয় আছিল।
অৰ্শদ্বীপৰ খেলো আছিল অতি আকৰ্ষণীয়। ফাইনেলত অৰ্শদ্বীপে ৩ অভাৰত দ.আফ্ৰিকাৰ অধিনায়ক এডেন মাৰ্কৰমক পেভেলিয়ানমুখী কৰে। খেলুৱৈগৰাকীয়ে বিশ্বকাপত ১৭টাতকৈ অধিক উইকেট দখল কৰে। ইয়াৰোপৰি সূৰ্য কুমাৰৰ কেচটো হয়তো ক্ৰিকেট প্ৰেমীয়ে পাহৰিব নোৱাৰে। ডেভিদ মিলাৰৰ উইকেট ভাৰতৰ বাবে অত্যন্ত জৰুৰী আছিল। তেতিয়াই সূৰ্য কুমাৰে এক ৰোমাঞ্চকৰ কেচত তেওঁক আউট কৰে।