সমুখত শক্তিশালী পাকিস্তানঃ কিদৰে ভাৰতে অতিক্ৰম কৰিব এই বাধা.. Assam news - Assam Tv9

সমুখত শক্তিশালী পাকিস্তানঃ কিদৰে ভাৰতে অতিক্ৰম কৰিব এই বাধা..

Published: 

09 Jun 2024 12:12 PM

নিউয়ৰ্কৰ নাছাউ কাউন্টি ক্ৰিকেট ষ্টেডিয়ামত আজি ক্ৰিকেট বিশ্বৰ বহু আকাংক্ষিত তথা প্ৰতীক্ষিত যুঁজ। দুই এছিয়ান ক্ৰিকেট শক্তি ভাৰত আৰু পাকিস্তান আজি পুনৰবাৰ ২২ গজৰ যুঁজত পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইতিমধ্যে টি-২০ বিশ্বকাপত পাকিস্তানক ৬ বাৰ পৰাজিত কৰা ভাৰতে আন এক জয়ৰ লক্ষ্যৰে আজি অৱতীৰ্ণ হ’ব। কিন্তু বেটিং-বলিং উভয় দিশতে শক্তিধৰ পাকিস্তানৰ শক্তি উলাই কৰিব বিপদ হ’ব ভাৰতৰ। দলটোৰ কেইগৰাকীমান তাৰকা ভাৰতীয় দলৰ বাবে বিপৰ্যয়ৰ কাৰণ হৈ উঠিব পাৰে।

1 / 5পাকিস্তানৰ

পাকিস্তানৰ অধিনায়ক বাবৰ আজমক সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে গণ্য কৰা হয়। টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বাবৰে যিকোনো মুহূৰ্ততে দলৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ জয়ৰ ভেটি গঢ়ি তুলিবলৈ সক্ষম। ২০২১ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ বিপক্ষে পাকিস্তানৰ ১০ উইকেটত জয়ৰ অন্যতম কাণ্ডাৰী আছিল বাবৰ।

2 / 5

অৱসৰ প্ৰত্যাহাৰ কৰি পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰা পাকিস্তানী পেচাৰ মহম্মদ আমিৰ ভাৰতীয় বেটিং লাইন আপৰ সমুখত ভয়াৱহ হৈ উঠিব পাৰে। গতি, নিখুঁত লাইন-লেংথ আৰু চুইঙেৰে আমিৰে যিকোনো বেটাৰকে শলঠেকত পেলাব পাৰে। ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত আমিৰৰ স্পেলেই হৈ পৰিছিল ভাৰতৰ পৰাজয়ৰ কাৰণ।

3 / 5

উইকেটৰক্ষক বেটাৰ মহম্মদ ৰিজৱান হৈ উঠিব পাৰে ভাৰতীয় দলৰ সমুখত অন্যতম বাধা। ধৈৰ্যশীল বেটিঙেৰে পাকিস্তানৰ বেটিং লাইন আপৰ বিপৰ্যয়ৰ সময়ত ৰিজৱানে ল’ব পাৰে ৰক্ষকৰ ভূমিকা। ২০২১ চনৰ টি-২০ বিশ্বকাপত বাবৰৰ সৈতে যুটী বান্ধি ভাৰতৰ বিপক্ষে পাকিস্তানৰ ১০ উইকেটত জয়ৰ অন্যতম ভূমিকা লৈছিল ৰিজৱানে।

4 / 5

পাকিস্তান বলিং লাইন আপৰ অন্যতম শক্তি শ্বাহিন আফ্ৰিদী। ২০২১ৰ বিশ্বকাপত ভাৰতৰ বেটিং লাইন আপৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰিছিল বাওঁহতীয়া পেচাৰগৰাকী। আজিও ভাৰতীয় দল আফ্ৰিদীৰ বলিঙৰ সমুখত সাৱধান হ’ব লাগিব।

5 / 5

পাকিস্তান বেটিং লাইন আপৰ আটাইতকৈ বিস্ফোৰক বেটাৰ ফখৰ জামান। বিপক্ষৰ বলাৰক ছয়-চাৰিৰে দিশহাৰা কৰি তোলাত সিদ্ধহস্ত বাওঁহতীয়া বেটাৰগৰাকী। ভাৰতীয় দলে জয়লাভ কৰিবলৈ হ’লে জামানক সোনকালে পেভিলিয়নলৈ উভতাই পঠোৱাটো ভাৰতৰ বাবে হ’ব অন্যতম প্ৰয়োজনীয় ৰণকৌশল।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?