5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সমুখত টি-২০ বিশ্বকাপঃ ইতিহাস সৃষ্টিৰ অপেক্ষাত ৰোহিত শৰ্মা

উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপ খিতাপ জয়ৰ পিছতে প্ৰতিযোগিতাখনত খিতাপৰ খৰাঙত ভুগিছে ভাৰতীয় ক্ৰিকেট দল। কাইলৈৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ’বলগীয়া বিশ্বকাপতে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে এই খৰাঙৰ অন্ত পেলাব বুলি আশাৰে বাট চাইছে অনুৰাগীসকলে। অহা ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপ অভিযান আৰম্ভ কৰিব ভাৰতীয় দলটোৱে। খিতাপ জয়ৰ লগতে ৰোহিত শৰ্মাই এই বিশ্বকাপত কেইটামান অনন্য অভিলেখো গঢ়ি তোলাৰ সুযোগ পাব।

monjit-dutta
Monjit Dutta | Published: 01 Jun 2024 14:00 PM
২০০৭ চনত ভাৰতে প্ৰথমবৰ্ষৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে। সেই প্ৰথম বাৰৰ বিশ্বকাপ জয় কৰা ভাৰতীয় দলটোৰ কেৱল মাত্ৰ ৰোহিত শৰ্মাক এতিয়া ১৭ বছৰৰ পাছত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত দেখা পোৱা যাব। যদি এইবাৰ ভাৰতে খিতাপ জয় কৰে তেন্তে দুবাৰকৈ টি-২০ বিশ্বকাপ জয়ী কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ হ’ব  ৰোহিত শৰ্মা।

1 / 5
আন্তঃৰাষ্ট্ৰীয় টি-২০ত ৰোহিত শৰ্মাই এইপৰ্যন্ত ১৯০ টা ছয় কোবাইছে। এই টি-২০ বিশ্বকাপত যদি তেওঁ আৰু ১০টা ছয় কোবায়, তেন্তে ৰোহিত শৰ্মা এই ফৰ্মেটত ২০০টা ছয় কোবোৱা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হ’ব।

2 / 5
ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এতিয়ালৈকে ৫৯৭ টা ছয় কোবাইছে। আৰু মাত্ৰ ৩টা ছয় কোবালে ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৬০০টা ছয় সম্পূৰ্ণ কৰিব। এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হ’ব ৰোহিত।

3 / 5
টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জনৰ ক্ষেত্ৰত ৰোহিত শৰ্মাই ৫ শতকৰে গ্লেন মেক্সৱেলৰ লগতে শীৰ্ষত আছে। এই বিশ্বকাপত যদি ৰোহিতে আৰু এটা শতক অৰ্জন কৰে, তেন্তে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জনৰ অভিলেখৰ গৰাকী হ’ব।

4 / 5
ৰোহিত শৰ্মাই টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অধিনায়ক হিচাপে ৪১খন মেচত জয়লাভ কৰিছে। এইক্ষেত্ৰত তেওঁ ‘কেপ্তেইন কুল’ খ্যাত মহেন্দ্ৰ সিং ধোনীৰ সৈতে সমস্থানত আছে। এখন মেচত জয়ী হোৱাৰ লগে লগে তেওঁ এই ক্ষেত্ৰত ধোনীক অতিক্ৰম কৰিব।

5 / 5
Latest Stories