ৰুদ্ধ হ’ল নেকি ভাৰতৰ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথ! ভাৰতৰ আশাৰ নতুন অংক…. | Team India qualification scenarios for WTC final after South Africa won against Sri Lanka Assam news - Assam Tv9

ৰুদ্ধ হ’ল নেকি ভাৰতৰ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথ! ভাৰতৰ আশাৰ নতুন অংক….

Published: 

09 Dec 2024 17:56 PM

শ্ৰীলংকাৰ বিপক্ষে টেষ্ট শৃংখলাৰ দ্বিতীয় মেচত আজি ১৪৩ ৰানত জয়লাভ কৰে দক্ষিণ আফ্ৰিকাই। এই জয়েৰে দক্ষিণ আফ্ৰিকাই দুখন মেচৰ টেষ্ট শৃংখলাটোত ২-০ ব্যৱধানত জয়লাভ কৰে। প্ৰটিয়াছ বাহিনীয়ে শৃংখলা জয়ৰ লগতে আজিৰ জয়েৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত নিজৰ স্থিতি মজবুত কৰি তুলিছে। আনহাতে চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ ক্ষেত্ৰত ভাৰতৰ সমুখতো নতুন হিচাপ আহি পৰিছে। চাওঁ আহক এই হিচাপ।

1 / 5শ্ৰীলংকাৰ বিপক্ষে টেষ্ট শৃংখলা ২-০ ব্যৱধানত জয়লাভ কৰাৰ পিছত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক ২-০ গ’লত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ প্ৰথম স্থান দখল কৰিছে। একে সময়তে অষ্ট্ৰেলিয়া দ্বিতীয় স্থানত আৰু ভাৰত তৃতীয় স্থানত আছে। এতিয়া এই তিনিটা দলৰ মাজত ফাইনেলত প্ৰৱেশৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে। এইক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ সম্ভাৱনা অধিক হৈ পৰিছে।

শ্ৰীলংকাৰ বিপক্ষে টেষ্ট শৃংখলা ২-০ ব্যৱধানত জয়লাভ কৰাৰ পিছত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক ২-০ গ’লত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ প্ৰথম স্থান দখল কৰিছে। একে সময়তে অষ্ট্ৰেলিয়া দ্বিতীয় স্থানত আৰু ভাৰত তৃতীয় স্থানত আছে। এতিয়া এই তিনিটা দলৰ মাজত ফাইনেলত প্ৰৱেশৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে। এইক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ সম্ভাৱনা অধিক হৈ পৰিছে।

2 / 5

বৰ্তমান দক্ষিণ আফ্ৰিকা ৬৩.৩৩ জয়ৰ শতাংশ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়াৰ পইণ্ট ৬০.৭১ আৰু তৃতীয় স্থানত থকা ভাৰতৰ শতাংশ পইণ্ট ৫৭.২৯। দক্ষিণ আফ্ৰিকাই এতিয়া মাত্ৰ পাকিস্তানৰ বিৰুদ্ধে ২ খন টেষ্ট খেলিবলৈ আছে। এনে পৰিস্থিতিত দলটোৰ জয়ৰ শতাংশ পইণ্ট বিশেষ হ্ৰাস নহ’ব।

3 / 5

ভাৰতে আটাইকেইখন মেচত জয়লাভ কৰিলে অষ্ট্ৰেলিয়াই শ্ৰীলংকাৰ বিপক্ষে শৃংখলাত জয়ী হ’লেও ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰে। আনহাতে ভাৰতে চলিত শৃংখলা ৩-১ ব্যৱধানত জয়লাভ কৰিলে ৬০.৫২ পইণ্ট লাভ কৰিব। আনহাতে চলিত শৃংখলা ড্ৰ’ ৰূপে সামৰণি পৰিলে ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব ভাৰত।

4 / 5

পাকিস্তানৰ বিৰুদ্ধে এই শৃংখলাত জয়ী হ’লে বা ড্ৰ হ’লেও দক্ষিণ আফ্ৰিকাৰ ফাইনেলত স্থান নিশ্চিত হ’ব। আনহাতে পৰাস্ত হ’লেও দলটোৰ ফাইনেলৰ সম্ভাৱনা থাকিব। এইক্ষেত্ৰত দলটোৱে অৱশ্যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ওপৰত নিৰ্ভৰশীল হ’ব। আনহাতে ভাৰতে যদি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাকী থকা তিনিখন টেষ্টত জয়লাভ কৰে, তেতিয়া ৬৪.০৫ পইণ্ট লাভেৰে অষ্ট্ৰেলিয়াক অতিক্ৰমি ভাৰতে ফাইনেলত প্ৰৱেশৰ পথ মুকলি কৰিব।

5 / 5

ফাইনেলত স্থান নিশ্চিত কৰিবলৈ হ’লে ভাৰতে অন্তিম তিনিখন মেচত দুখনত জয় আৰু এখনত ড্ৰ ৰাখিব লাগিব। এখন মেচত পৰাস্ত হ’লেও ভাৰতৰ ফাইনেলৰ আশা ভংগ হ’ব পাৰে। অৱশ্যে ৩-২ ব্যৱধানত শৃংখলা জয় কৰিব পাৰিলেও ভাৰতৰ বাবে কিঞ্চিত আশা থাকিব। এইক্ষেত্ৰত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ শৃংখলাই ভাগ্য নিৰ্ণয় কৰিব ভাৰতৰ।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?