5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মুম্বাইত জনসমূদ্ৰঃ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল দেশ, বিচিচিআইয়ে প্ৰদান কৰিলে পুৰস্কাৰৰ চেক

আশ্চৰ্যকৰ, অকল্পনীয়, অবিশ্বাস্য! বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়াৰ ৰাজকীয় আদৰণি প্ৰত্যক্ষ কৰা প্ৰতিগৰাকী ব্যক্তিৰে মুখেৰে হয়তো উচ্চাৰিত হৈছে এই তিনি শব্দ। বাৰ্বাডোজৰ ভূমিত বিশ্বজয় কৰাৰ পিছত আজি স্বদেশত উপস্থিত হোৱা ভাৰতীয় দলটোৱে পুৱা দিল্লীত অৱতৰণ কৰি প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি মুম্বাইলৈ ৰাওনা হয়। ভাৰতীয় দলক আদৰণি জনাবলৈ সমবেত হোৱা অনুৰাগীৰ সুবাদত মুম্বাই আজি হৈ পৰে জনসমুদ্ৰ।

monjit-dutta
Monjit Dutta | Published: 04 Jul 2024 23:08 PM
ভাৰতীয় দলক আদৰণি জনাবলৈ সমবেত হোৱা অনুৰাগীৰ সুবাদত মুম্বাই আজি হৈ পৰে জনসমুদ্ৰ। ৱাংখেৰে ষ্টেডিয়ামৰ লগতে ভাৰতীয় দলৰ ৰোড শ্ব’ৰ সমগ্ৰ পথত দেখিবলৈ পোৱা অনুৰাগীৰ ব্যাপক ভিৰ।

1 / 5
এইদৰে মুকলি বাছত উঠি অনুৰাগীৰ অভিবাদন গ্ৰহণ কৰে ভাৰতীয় দলটোৱে। বিশ্বকাপজয়ী ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ লগতে প্ৰশিক্ষক-কৰ্মচাৰী আৰু বিচিচিআইৰ বিষয়াসকলক দেখা যায় বাছখনত।

2 / 5
ভাৰতীয় দলৰ ভিক্টৰী প্ৰেডত এইদৰে বাছৰ কাষে কাষে দেখা যায় আনন্দত আত্মহাৰা অনুৰাগীসকলক। লোকে লোকাৰণ্য পথটিত লক্ষাধিক অনুৰাগীৰ মাজেৰে বিশ্বজয়ী ভাৰতীয় দলৰ যাত্ৰাৰ এই ঐতিহাসিক ক্ষণ প্ৰত্যক্ষ কৰে দেশবাসীয়ে।

3 / 5
দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে বিশ্বকাপ দখল কৰাৰ পিছতে বিচিচিআইয়ে ভাৰতীয় দলটোৰ বাবে ১২৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। ৱাংখাৰেৰ এই অনুষ্ঠানতে বিশ্বকাপজয়ী দলটোক ১২৫ কোটি টকাৰ পুৰস্কাৰৰ চেক প্ৰদান কৰে বিচিচিআইয়ে।

4 / 5
ভাৰতীয় দলটোৱে পুৱা দিল্লীত অৱতৰণ কৰি প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছত মুম্বাইলৈ ৰাওনা হয়। ভিষ্টাৰ এয়াৰলাইন্সৰ বিশেষ বিমান ইউ কে ১৮৪৫-ৰে মুম্বাইত উপস্থিত হয় টিম ইণ্ডিয়া। মুম্বাইত উপস্থিত হোৱাৰ পিছতে এই বিমানখনক ‘ৱাটাৰ কেনন চেলুট’ দিয়া হয়।

5 / 5
Latest Stories