04 Jul 2024 23:08 PM
ভাৰতীয় দলক আদৰণি জনাবলৈ সমবেত হোৱা অনুৰাগীৰ সুবাদত মুম্বাই আজি হৈ পৰে জনসমুদ্ৰ। ৱাংখেৰে ষ্টেডিয়ামৰ লগতে ভাৰতীয় দলৰ ৰোড শ্ব’ৰ সমগ্ৰ পথত দেখিবলৈ পোৱা অনুৰাগীৰ ব্যাপক ভিৰ।
এইদৰে মুকলি বাছত উঠি অনুৰাগীৰ অভিবাদন গ্ৰহণ কৰে ভাৰতীয় দলটোৱে। বিশ্বকাপজয়ী ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ লগতে প্ৰশিক্ষক-কৰ্মচাৰী আৰু বিচিচিআইৰ বিষয়াসকলক দেখা যায় বাছখনত।
ভাৰতীয় দলৰ ভিক্টৰী প্ৰেডত এইদৰে বাছৰ কাষে কাষে দেখা যায় আনন্দত আত্মহাৰা অনুৰাগীসকলক। লোকে লোকাৰণ্য পথটিত লক্ষাধিক অনুৰাগীৰ মাজেৰে বিশ্বজয়ী ভাৰতীয় দলৰ যাত্ৰাৰ এই ঐতিহাসিক ক্ষণ প্ৰত্যক্ষ কৰে দেশবাসীয়ে।
দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে বিশ্বকাপ দখল কৰাৰ পিছতে বিচিচিআইয়ে ভাৰতীয় দলটোৰ বাবে ১২৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। ৱাংখাৰেৰ এই অনুষ্ঠানতে বিশ্বকাপজয়ী দলটোক ১২৫ কোটি টকাৰ পুৰস্কাৰৰ চেক প্ৰদান কৰে বিচিচিআইয়ে।
ভাৰতীয় দলটোৱে পুৱা দিল্লীত অৱতৰণ কৰি প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছত মুম্বাইলৈ ৰাওনা হয়। ভিষ্টাৰ এয়াৰলাইন্সৰ বিশেষ বিমান ইউ কে ১৮৪৫-ৰে মুম্বাইত উপস্থিত হয় টিম ইণ্ডিয়া। মুম্বাইত উপস্থিত হোৱাৰ পিছতে এই বিমানখনক ‘ৱাটাৰ কেনন চেলুট’ দিয়া হয়।