5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বালযোগী অডিটৰিয়াত আজি মোদীয়ে চাব ‘দ্যা সাবৰমতী ৰিপোৰ্ট’…

বৰ্তমান বিশেষ চৰ্চাত থকা এখন ছবি দ্যা সাবৰমতী ৰিপোৰ্ট। ২০০২ চনত সংঘটিত হোৱা গোধৰা ৰে’ল হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত হৈছে ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’। আজি এই ছবিখন উপভোগ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

barasha-sarma
Barasha Sarma | Updated On: 02 Dec 2024 11:59 AM
বৰ্তমান বিশেষ চৰ্চাত থকা এখন ছবি 'দ্যা সাবৰমতী ৰিপোৰ্ট'। বিক্ৰান্ত মেছি, ৰিদ্ধি ডোগ্ৰা আৰু ৰাছি খান্নাৰ অভিনীত ছবিখনৰ প্ৰশংসা কৰি  কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত লিখিছিল যে-এটা মিছা, ভুৱা কাহিনী কিছু সময়ৰ বাবেহে চলে। কিন্তু অৱশেষত সঁচা কথাটো পোহৰলৈ আহে।

1 / 5
আজি এই ছবিখন উপভোগ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া ৪ বজাত বালয়োগী অডিটৰিয়ামত এই ছবিখন চাব মোদীয়ে। গুজৰাটৰ গোধৰা কাণ্ডৰ ওপৰত নিৰ্মিত এই ছবিখনৰ প্ৰশংসা মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও কৰিছে। আনকি এই ছবিৰ অভিনেতা-অভিনেত্ৰীসকলক সাক্ষাতো কৰিছে।

2 / 5
উল্লেখ্য যে,২০০২ চনত সংঘটিত হোৱা গোধৰা ৰে’ল হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত হৈছে ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’। সেই সময়ত এই দুৰ্ঘটনাত প্ৰায় ৫৯ জন লোকৰ মৃত্যু হৈছিল।দাবী অনুসৰি,ছবিখনত গোধৰা ৰেল কাণ্ডৰ প্ৰকৃত  সত্যতা দেখুওৱা হৈছে।  অৱশ্যে সমালোচকসকলে এই ছবিখনত প্ৰকৃত সত্য দেখুওৱা হৈছে বুলি মানি লোৱা নাই।

3 / 5
‘দ্যা সাবৰমতী ৰিপ’ৰ্ট’ নামৰ ছবিখনে মুক্তিৰ পূৰ্বেও বাতৰিৰ শিৰোনাম দখল কৰিছিল। এই ছবিখনৰ পৰিচালনা কৰিছে ধীৰাজ সাৰ্নাই। এই ছবিখন জি ষ্টুডিঅ’ৰ বেনাৰত প্ৰযোজনা কৰিছে একতা কাপুৰে। ছবিখনে বৰ্তমানলৈ প্ৰায় ৩০ কোটি টকা আয় কৰিছে। ছবিখনৰ অভিনেতা বিক্ৰান্ত মেছীৰ অভিনয়ে সকলোৰে অন্তৰ জয় কৰিছে।

4 / 5
ছবিখনত দেখুওৱা হৈছে যে কেনেকৈ এজন হিন্দী সাংবাদিক (বিক্ৰান্ত মেছেই) গোধৰা কাণ্ডৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য তেওঁৰ নিউজ চেনেলক দিয়ে, কিন্তু ইংৰাজী  সাংবাদিক এজনে চেনেলৰ মালিকৰ সৈতে কাম কৰি কাহিনীটো সলনি কৰে। সেই ৰিপোৰ্টত লুকাই থকা তথ্য আৰু সত্যতা এই ছবিখনৰ জৰিয়তে দেখুওৱা হৈছে বুলি কোৱা হৈছে। দ্যা সাৱৰৱতী ৰিপোৰ্ট  নামৰ ছবিখন ১৫ নৱেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল।

5 / 5
Latest Stories