শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Uruka 2025: উৰুকালৈ মাজত মাথোঁ ২ দিন, সকলোতে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

ভোগালী মানেই ভোগৰ বতৰ! সকলো ব্যস্ত হৈ পৰিছে হেঁপাহৰ ভোগালীক আদৰাৰ। কি উজনি, কি নামনি, সকলোতে মাথোঁ বাঢ়িছে ব্যস্ততা। সকলোৰে হেঁপাহ উৰুকা নিশা লগে-ভাগে এসাঁজ খোৱাৰ।

barasha-misra
Barasha Misra | Published: 10 Jan 2025 14:39 PM
ভোগৰ ভোগজৰা লৈ আকৌ আহিল ভোগালী। ভোগালী মানেই ভিন্ন প্ৰাকাৰক খাদ্য়ৰ সমাহাৰ। প্ৰজিজনৰ অসমীয়াৰ ঘৰতে পাব পৰম্পৰাগত খাদ্য বা পিঠা, লাড়ু, সান্দহ, দৈ-চিৰা ইত্যাদি।

1 / 6
হেঁপাহৰ ভোগালীক আদৰিবলৈ ঢেকীৰ শব্দত ৰজনজনাইছে গাঁৱৰ চুবুৰী। মহিলাসকলে খুন্দিছে বিহুৰ বাবে জা-জলপান, চিৰা-সান্দহ ইত্যাদি। কিন্তু বৰ্তমান এই ছবি অতীতৰ হোৱাৰ পথত।

2 / 6
ভোগালী বিহুত ৰাজহুৱাকৈ মাছধৰাতো অসমীয়া ৰাইজৰ এক পৰম্পৰা। উৰুকাৰ পুৱাই সকলোৱে ওলাই গৈ নৈ-জলশয় আদিত বিভিন্ন ধৰণৰ হাঁহি-ধেমালি কৰি যিয়ে যেনেকৈ পাৰে মাছ ধৰে।

3 / 6
কেৱল সেয়াই নহয়, ভোগালীৰ উৰুকাত আটাইতকৈ ডাঙৰ মাছটো কিনিবলৈ হেতাওপৰা লাগে ৰাইজৰ।  ভোগালী বিহু বুলি ক’লে সকলোৰে ইচ্ছা বজাৰৰ চকুত লগা মাছটো ক্ৰয় কৰাৰ। কাৰণ সকলোৰে হেঁপাহ উৰুকা নিশা লগে-ভাগে এসাঁজ খোৱাৰ।

4 / 6
গাঁৱে-ভূঞে আকৰ্ষণীয় মেজি সাজিবলৈ চলিছে অঘোষিত প্ৰতিযোগিতা। মেজি জ্বলাই আজি অসমীয়াই আদৰিলে হেঁপাহৰ ভোগালীক। অসমীয়া ৰাইজে মাঘ বিহুৰ দিনা পুৱাতেই মেজিত অগ্নিসংযাগ কৰে ৷ চাউল, তামোল-পাণ, মাহজাতীয় শস্য, ঘিউ আৰু পিঠাৰ নৈবদ্য দি সূৰ্য-দেৱতা আৰু অগ্নি দেৱতাক সেৱা জনায়।

5 / 6
ভোগালী বিহুৰ অন্যতম অংগ ভেলাঘৰ আৰু মেজি। কিন্তু বহুলোকে ব্যস্ততাৰ বাবে বা ঠাই নোহোৱাৰ বাবে বজাৰত উপলব্ধ মেজি কিনি আনি পৰম্পৰা ৰক্ষা কৰে। আজিকালি দেশ-বিদেশৰ বিভিন্ন কীৰ্তিস্তম্ভ, স্মৃতি বিজড়িত ঘৰ, মঠ-মন্দিৰৰ আৰ্হি ইত্যাদিৰ শৈলীৰে ভেলাঘৰ নিৰ্মাণ কৰা দেখা যায়।

6 / 6
Latest Stories