ৰাজ্যজুৰি দৌলোৎসৱৰ উচাহ, কিন্তু বৰষুণে ম্লান পেলাব নেকি আনন্দ? | There is a lot of excitement across the state for Holi, but will the rain dampen the joy, What does the weather say Assam news - Assam Tv9

ৰাজ্যজুৰি দৌলোৎসৱৰ উচাহ, কিন্তু বৰষুণে ম্লান পেলাব নেকি আনন্দ?

Updated On: 

14 Mar 2025 11:31 AM

আজি সমগ্ৰ দেশে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা। লোকাৰণ্য হৈ পৰিছে ৰাজ্যৰ সত্ৰসমূহ। আধ্যাত্মিক পৰিৱেশৰ মাজেৰে বৰপেটা, মাজুলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত দৌলোৎসৱ। কিন্তু হোলীৰ পুৱাই বৰষুণ অহাৰ লগে লগে চিন্তাত পৰিছে সকলো।

1 / 5ৰঙৰ আবিৰ সানি ফাগুনী বাটেৰে আহিল ফাকুৱা। আজি ৰাজ্যজুৰি পালন কৰা হৈছে ৰঙৰ উৎসৱ। হোলী গীতৰ ধ্বনি আৰু কৃষ্ণ বন্দনাৰে মুখৰ ভিন্ন প্ৰান্ত। 

ৰঙৰ আবিৰ সানি ফাগুনী বাটেৰে আহিল ফাকুৱা। আজি ৰাজ্যজুৰি পালন কৰা হৈছে ৰঙৰ উৎসৱ। হোলী গীতৰ ধ্বনি আৰু কৃষ্ণ বন্দনাৰে মুখৰ ভিন্ন প্ৰান্ত। 

2 / 5

এই দিনটো সমগ্ৰ দেশে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা। লোকাৰণ্য হৈ পৰিছে ৰাজ্যৰ সত্ৰসমূহ। আধ্যাত্মিক পৰিৱেশৰ মাজেৰে বৰপেটা, মাজুলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত দৌলোৎসৱ।

3 / 5

ইফালে মহানগৰীতো হোলীক লৈ ব্যাপক প্ৰস্তুতি। গুৱাহাটীৰ ফাঁচীবজাৰত ৰেইন ডান্সৰ পৰিৱৰ্তে এইবাৰ হ’ব ৰং ডান্স। কিন্তু পুৱা গুৱাহাটীত অহা এজাক বৰষুণে যেন সকলোকে চিন্তাত পেলাইছে।

4 / 5

ফাকুৱাক লৈ ৰাজ্যজুৰি ব্যাপক আয়োজনৰ মাজতে বতৰ বিজ্ঞানে দিছে বতৰৰ বতৰা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হাইলাকান্দিত বৰষুণৰ লগতে আহিছে শিলাবৃষ্টি।

5 / 5

বতৰ বিজ্ঞানৰ তথ্যনুসৰি, ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কামৰূপ, হাইলাকান্দি, কামৰূপ(মহানগৰ), গোলাঘাটকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হৈছে। ১৫ মাৰ্চলৈ অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু নাগালেণ্ডত বৰষুণ হোৱাৰ আশংকা।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ