এইসকল চৰকাৰী কৰ্মচাৰীক গাড়ী ক্ৰয়ৰ বাবে ১৫ লাখ টকা দিব অসম চৰকাৰে... | these govt employee will be paid Rs 15 lakh for the purchase of cars by the Assam government. Assam news - Assam Tv9

এইসকল চৰকাৰী কৰ্মচাৰীক গাড়ী ক্ৰয়ৰ বাবে ১৫ লাখ টকা দিব অসম চৰকাৰে…

Updated On: 

23 Feb 2025 23:32 PM

দেওবাৰে অনুষ্ঠিত হোৱা অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। ইয়াৰ ভিতৰত একাংশ চৰকাৰী কৰ্মচাৰীৰ বাবে বাহন ক্ৰয়ৰ ক্ষেত্ৰত সহায়ৰ সিদ্ধান্ত অন্যতম।

1 / 5দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। চৰকাৰে সিদ্ধান্ত লয় যে, একাংশ চৰকাৰী কৰ্মচাৰীত বাহনৰ ব্যৱস্থা কৰি দিব চৰকাৰে। কোনসকল চৰকাৰী কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিব সেই কথাও উল্লেখ কৰে কেবিনেটত।

দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। চৰকাৰে সিদ্ধান্ত লয় যে, একাংশ চৰকাৰী কৰ্মচাৰীত বাহনৰ ব্যৱস্থা কৰি দিব চৰকাৰে। কোনসকল চৰকাৰী কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিব সেই কথাও উল্লেখ কৰে কেবিনেটত।

2 / 5

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, যেতিয়া ৰেজিষ্টাৰ বা মেডিকেল কলেজৰ ফেকাল্টি হিচাপে এজন ব্যক্তিয়ে যোগদান কৰিব বা এজন ডাক্তৰে যোগদান কৰিব ৰাজ্য চৰকাৰে দৰমহাৰ উপৰিও বেংকৰ জৰিয়তে তেওঁলোকক এখন গাড়ীৰ দিয়াৰ ব্যৱস্থা কৰিব। ইয়াৰ মূল তেওঁলোকৰ দৰমহাৰ পৰা কৰ্তন কৰা হ’ব, বাকী সূতখিনি ৰাজ্য চৰকাৰে পৰিশোধ কৰিব। ইয়াৰ অধীনত প্ৰতিগৰাকীকে ১৫ লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে।

3 / 5

অৰ্থাৎ ৰেজিষ্টাৰ বা মেডিকেল কলেজৰ ফেকাল্টিয়ে চৰকাৰৰ পৰা বাহন ক্ৰয় বাবদ ১৫ লাখ টকা লাভ কৰিব। ইয়াৰোপৰি আজিৰ কেবিনেটত চিকিৎসকক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। চৰকাৰে ডাইনেমিক এছিউৰড কেৰিয়াৰ প্রগ্রেশান (ডি এ চি পি) আঁচনিত অনুমোদন জনায়।

4 / 5

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কেৰিয়াৰ প্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসক সকলে বছৰত দুবাৰ ৰাষ্ট্রীয় পৰ্যায়ৰ সন্মিলনত অংশগ্রহণ কৰিব পাৰিব। ইয়াৰ সকলো খৰচ বহন কৰিব চৰকাৰে। লগতে সন্মিলনত অংশগ্ৰহণৰ বাবে লাভ কৰিব ছুটী।

5 / 5

ইয়াৰোপৰি এছিয়াৰ যিকোনো দুখন দেশত সন্মিলনত চিকিৎসকে অংশগ্রহণ কৰিব পাৰিব আৰু প্রতি ৩বছৰৰ অন্তত ইউৰোপ বা আমেৰিকাত একোখন শৈক্ষিক সন্মিলনত অংশ ল’ব পাৰিব। এই সকলো খৰচ চৰকাৰে গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...