Assam Weather Update: শীতৰ প্ৰথমজাক বৰষুণৰ পিছতেই ৰাজ্যত কুঁৱলীৰ ডাঠ আৱৰণ, শীতৰ প্ৰকোপ বৃদ্ধি | Thick blanket of fog in the state after the first spell of rain in the winter, Know the weather in Assam Assam news - Assam Tv9

Assam Weather Update: শীতৰ প্ৰথমজাক বৰষুণৰ পিছতেই ৰাজ্যত কুঁৱলীৰ ডাঠ আৱৰণ, শীতৰ প্ৰকোপ বৃদ্ধি

Published: 

08 Jan 2025 16:41 PM

বতৰ বিজ্ঞানৰ মতে, আগন্তুক ৫ দিন ৰাজ্যত ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাব। আজিৰ দিনটো ডাঠ কুঁৱলীৰে আৱৰি থাকিল ৰাজ্যৰ ভিন্ন প্ৰান্ত। কাইলৈ অৰুণাচল প্ৰদেশ আৰু অসমত বিভিন্ন স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

1 / 5ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। মঙলবাৰে অহা শীতৰ প্ৰথমজাক বৰষুণৰ ফলত আজি ঘন কুঁৱলীয়ে আৱৰি থাকিল ৰাজ্য। যাৰ বাবে সাধাৰণ জীৱনত বাধা আহি পৰিছে।

ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। মঙলবাৰে অহা শীতৰ প্ৰথমজাক বৰষুণৰ ফলত আজি ঘন কুঁৱলীয়ে আৱৰি থাকিল ৰাজ্য। যাৰ বাবে সাধাৰণ জীৱনত বাধা আহি পৰিছে।

2 / 5

মঙলবাৰে অহা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে পাৰাস্তম্ভ। আজি ডিব্ৰুগড় আৰু তিনিচুকীয়াত বৰষুণৰ লগতে শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

3 / 5

বতৰ বিজ্ঞানৰ তথ্যনুসৰি, আগন্তুক ৫ দিন ঘন কুঁৱলীয়ে আৱৰি থাকিব ৰাজ্য। আজি অসম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰৰ কোনো সাল-সলনি নহয়।

4 / 5

কাইলৈ অৰুণাচল প্ৰদেশ আৰু অসমত বিভিন্ন স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ একেই থকাৰ সম্ভাৱনা আছে। কিন্তু অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত ঘন কুঁৱলী দিয়াৰ সম্ভাৱনা আছে।

5 / 5

শুক্ৰবাৰ আৰু শনিবাৰৰ দিনটোত তাপমাত্ৰা হ্ৰাস পাব আৰু অত্যাধিক ঠাণ্ডা পৰিব, লগতে উত্তৰ-পূব ঘন কুঁৱলীৰে আৱৰি থাকিব।

পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম
ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!