সৰুসজাইত ১০,০০০ যুৱক-যুৱতীয়ে প্ৰদৰ্শন কৰিব বাগৰুম্বা আৰু বৰদৈচিখলা, মুখ্যমন্ত্ৰীৰ ঘোষণা | This October, over 10,000 youth will perform Bagarumba in guwahati sarusajai stadium says himanta biswa sarma Assam news - Assam Tv9

সৰুসজাইত ১০,০০০ যুৱক-যুৱতীয়ে প্ৰদৰ্শন কৰিব বাগৰুম্বা আৰু বৰদৈচিখলা, মুখ্যমন্ত্ৰীৰ ঘোষণা

Published: 

17 Mar 2025 09:42 AM

Bagurumba: বিহু আৰু ঝুমইৰৰ পাছত এইবাৰ বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন হ'ব বাগৰুম্বা আৰু বৰদৈচিখলা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰায় ১০,০০০ যুৱক-যুৱতীয়ে সৰুসজাইত প্ৰদৰ্শন কৰিব এই নৃত্য।

1 / 5বিহু আৰু ঝুমইৰৰ পাছত এইবাৰ বাগৰুম্বাক লৈ যোৱা হ'ব বিশ্ব মঞ্চলৈ। দেওবাৰে কোকৰাঝাৰত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিছুদিন পূৰ্বেও শৰ্মাই কৈছিল যে বড়োসকলৰ প্ৰধান নৃত্য বাগৰুম্বাক বিশ্ব পৰ্যায়লৈ লৈ যোৱাৰ তেওঁৰ মন।

বিহু আৰু ঝুমইৰৰ পাছত এইবাৰ বাগৰুম্বাক লৈ যোৱা হ'ব বিশ্ব মঞ্চলৈ। দেওবাৰে কোকৰাঝাৰত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিছুদিন পূৰ্বেও শৰ্মাই কৈছিল যে বড়োসকলৰ প্ৰধান নৃত্য বাগৰুম্বাক বিশ্ব পৰ্যায়লৈ লৈ যোৱাৰ তেওঁৰ মন।

2 / 5

শৰ্মাই কয় যে, এইবছৰৰ অক্টোবৰ মাহত ৮ ৰ পৰা ১০ হাজাৰ যুৱক-যুৱতীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বৰদৈচিখলা প্ৰদৰ্শন কৰিব। বিশ্বৰ বুকুত এই নৃত্যক প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰ পদক্ষেপ লোৱা হৈছে বুলি কয় শৰ্মাই। উল্লেখ্য যে, বিহু আৰু ঝুমইৰৰ সামূহিক প্ৰদৰ্শনৰ পাছতে এই পদক্ষেপ গ্ৰহণৰ দিশে আগবাঢ়িছে অসম চৰকাৰ।

3 / 5

উল্লেখ্য যে, কালিৰ অনুষ্ঠানত উপস্থিত থাকি শৰ্মাই বিটিআৰৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰে। তেওঁ কয় যে,বড়োলেণ্ড অঞ্চলৰ ৩৫ খন উচ্চ মাধ্যমিক বিদ্যালয়ক মডেল হাইস্কুললৈ ৰূপান্তৰ কৰা হ’ব। ইয়াৰোপৰি বড়ো মাধ্যমক উচ্চতৰ মাধ্যমিক পর্যায়লৈ আৰু পৰৱৰ্তী সময়ত স্নাতক পৰ্যায়লৈ শিক্ষাৰ মাধ্যম হিচাপে অন্তৰ্ভূক্ত কৰাৰ দিশতো পদক্ষেপ লোৱা হৈছে।

4 / 5

শৰ্মাই বড়োসকলৰ উত্তৰণৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ পদক্ষেপক কৃতজ্ঞতা জনায়। লগতে কয় যে, বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বতে বড়ো সমাজে আত্মনিয়ন্ত্ৰণৰ সপোন দেখিছিল। ইয়াৰোপৰি প্ৰতি বছৰে ১ মে’ত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ মৃত্যুৰ দিনতো ৰাজ্য চৰকাৰ আৰু বিটিআৰ চৰকাৰে আনুষ্ঠানিকভাৱে পালন কৰিব বুলি তেওঁ কয়।

5 / 5

অনুষ্ঠানত অমিত শ্বাহৰ উপস্থিতিৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে,প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ মার্গ দর্শনত বড়ো ভূমিলৈ শান্তি উভতি আহিছে। বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক আজি সমগ্ৰ দেশে স্বীকাৰ কৰি লৈছে । ইয়াৰ বাবে শ্বাহক ধন্যবাদ জ্ঞাপন কৰে শৰ্মাই।

৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...