১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে। শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ আছিল। ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড॰ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়। (Image Credit source: Social Media)