চেনাই মই যাওঁ দেই... আজি যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ পৱিত্ৰ ওপজা দিন | Today is the auspicious day of legendary singer Dipali Barthakur Assam news - Assam Tv9

চেনাই মই যাওঁ দেই… আজি যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ পৱিত্ৰ ওপজা দিন

Updated On: 

30 Jan 2025 12:12 PM

অসমীয়া সংগীত জগতৰ তেনেই এটি চিনাকি নাম দিপালী বৰঠাকুৰ। পদ্মশ্ৰী সন্মান লাভ কৰা সুকণ্ঠী গায়িকাগৰাকীৰ আজি জন্মবাৰ্ষিকী। এই বিশেষ দিনটোত ৰাজ্যজুৰি স্মৰণ শিল্পীগৰাকীক। ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছত প্ৰথমখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছিল।

1 / 5আজি চিৰনমস্য শিল্পী, সুকণ্ঠী গায়িকা দিপালী বৰঠাকুৰৰ ওপজা দিন। কেইবাটাও কালজয়ী গীতেৰে অসমীয়া সংগীতজগতখন চহকী কৰিছিল সুকণ্ঠী গায়িকাগৰাকীয়ে। (Image Credit source: Social Media)

আজি চিৰনমস্য শিল্পী, সুকণ্ঠী গায়িকা দিপালী বৰঠাকুৰৰ ওপজা দিন। কেইবাটাও কালজয়ী গীতেৰে অসমীয়া সংগীতজগতখন চহকী কৰিছিল সুকণ্ঠী গায়িকাগৰাকীয়ে। (Image Credit source: Social Media)

2 / 5

অসমৰ গ্ৰাম্য সমাজখনৰ এখন চিনাকি ছবি প্ৰতিফলিত হৈছিল দীপালী বৰঠাকুৰৰ গীতত ৷ তেওঁৰ ১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাৰ (বৰ্তমান চৰাইদেউ জিলা) সোণাৰিৰ নীলমনি বাগানত জন্ম হৈছিল। (Image Credit source: Social Media)

3 / 5

১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল দীপালী বৰঠাকুৰে। দুয়োৰে প্ৰেম কাহিনী আছিল বহুতৰে বাবে সঁচা অৰ্থত প্ৰেৰণাৰ উৎস। (Image Credit source: Social Media)

4 / 5

১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে। শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ আছিল। ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড॰ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়। (Image Credit source: Social Media)

5 / 5

কোকিলকণ্ঠী গায়িকাগৰাকীয়ে কণ্ঠ নিগৰোৱা গীতসমূহৰ আছিল অনন্য বৈশিষ্ট্য৷ পদ্মশ্ৰী সন্মান লাভ কৰা দিপালী বৰঠাকুৰে বহু কালজয়ী গীতেৰে সমৃদ্ধ কৰিছিল অসমীয়া সংগীতৰ জগতখন। জন্মবাৰ্ষিকীৰ এই পবিত্ৰ ক্ষণত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। (Image Credit source: Social Media)

দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?