আজি জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ জন্মদিন, এইবাৰ কি পৰিকল্পনা দীপলিনাৰ?
Deeplina Deka Birthday: 'নোৱাৰি নোৱাৰি'ৰ পৰা 'জিড্ডি কাঞ্চা'লৈকে যাৰ কণ্ঠই মোহিত কৰে সকলোকে। আজি সকলোৰে মৰমৰ কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাৰ ওপজা দিন। প্ৰেমৰ সপ্তাহৰ প্ৰথম দিনটোতে জন্ম দীপলিনাৰ। জন্মদিনকলৈ এইবাৰ কি পৰিকল্পনা আছে কণ্ঠশিল্পীগৰাকীৰ।
![আজি জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ ওপজা দিন। হাঁহিমুখীয়া দীপলিনা বহু যুৱকৰ হৈ পৰিছে ক্ৰাচ। দীপলিনা মানেই যেন ছ'চিয়েল মিডিয়াত ধুমুহা। (Image Credit source: Deeplina Deka FB)](https://images.assamtv9.com/uploads/2025/02/Deeplina-deka-Birthday-5.jpg?w=1280)
1 / 5
![বৈদ্যুতিক অভিযান্ত্ৰিক ডিগ্ৰীধাৰী দীপলিনা অসমত "পৰী" নামেৰেও পৰিচিত। জুবিন গাৰ্গ পৰিচালিত 'মিছন চাইনা' ছবিখনৰ মাধ্যমেৰে অভিনয় জগততো খোজ দিছিল। (Image Credit source: Deeplina Deka FB)](https://images.assamtv9.com/uploads/2025/02/Deeplina-deka-Birthday-4.jpg?w=1280)
2 / 5
![দীপলিনা ডেকাৰ জন্ম হয় ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে। তেওঁৰ প্ৰথম ভিডিঅ’ গানৰ এলবাম 'নোৱাৰি নোৱাৰি' ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰীত মুক্তি পায় যাৰ সহ-শিল্পী আছিল তৰুণ তন্ময়৷ (Image Credit source: Deeplina Deka FB)](https://images.assamtv9.com/uploads/2025/02/Deeplina-deka-Birthday-3.jpg?w=1280)
3 / 5
![আজি দীপলিনাই তেওঁৰ সপোনৰ পৰিকল্পনা আৰু বহুত দিনৰ কষ্টৰ ফলত মুক্তি দিব 'অবোধ মন' নামৰ এটি গীত। এই গীতটোত লোকগীত সমূহক আধাৰ হিচাপে লৈ অলপ নতুনত্ব দিয়াৰ চেষ্টা কৰিছে। প্ৰথমবাৰৰ বাবে কণ্ঠশিল্পীগৰাকীয়ে জন্মদিনত কোনো গীত মুক্তি দিব। (Image Credit source: Deeplina Deka FB)](https://images.assamtv9.com/uploads/2025/02/Deeplina-deka-Birthday-1.jpg?w=1280)
4 / 5
![দীপলিনাই বৃহস্পতিবাৰে বিশেষ পোষ্ট দি জনাইছে নতুন পৰিকল্পনাৰ কথা। কণ্ঠশিল্পীগৰাকীয়ে লিখিছে- "প্ৰথমবাৰ জন্মদিনত কোনো গীতৰ মুক্তি…প্ৰথমবাৰ জন্মদিনত কৰ্ম…প্ৰথমবোৰ বিশেষ, প্ৰথমবোৰ স্নিগ্ধ। This will be the first birthday release. This is the first time I will be working on my birthday. Firsts are special. Firsts are satisfying. Hopeful for a wholesome day tomorrow, আশীৰ্বাদ আৰু সহযোগিতাৰ প্ৰয়োজন। ভালে থাকক সকলো। ইফালে, আজি প্ৰিয় কণ্ঠশিল্পীগৰাকীক ছ'চিয়েল মিডিয়াযোগে ওপজা দিনৰ শুভেচ্ছা জনাইছে অনুৰাগীসকলে। (Image Credit source: Deeplina Deka FB)](https://images.assamtv9.com/uploads/2025/02/Deeplina-deka-Birthday.jpg?w=1280)
5 / 5