কাইলৈ অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা শীতত পুৱাই উঠি মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনাব প্ৰতিজন অসমীয়াই।
মেজিৰ জুইয়ে সকলো অসূয়া-অপ্ৰীতি নাশ কৰি সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰে প্ৰতিজন অসমীয়াই। মাঘ বিহুৰ দিনা মেজি জ্বলোৱাৰ পাছতে সৰুৱে ডাঙৰক সেৱা জনাই আৰ্শীবাদ গ্ৰহণ কৰাৰ পৰম্পৰা আছে।
মেজিৰ জুই জ্বলি উঠিলে মন্ত্ৰ মাটি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়।
গুৰু-ভকতক ঘৰলৈ মাতি আনি ন ধানৰ ন মুঠি জা-জলপান খুৱাই আশীৰ্বাদ লোৱা হয়। বিহুৰ পূৰ্বে বিভিন্ন প্ৰকাৰৰ পিঠা-পনা প্ৰস্তুত কৰে অসমীয়া মহিলাসকলে। এই দিনটোত ঘৰলৈ অহা আলহীক দৈ,চিৰা, পিঠা লাড়ু আৰু মাখনৰে অতিথিক আপ্যায়ন কৰা হয়।
মাঘ বিহু যিহেতু কৃষিৰ সৈতে জড়িত, এই বিহুত শস্য চপোৱা উৎসৱ হিচাপে সমগ্ৰ দেশতে পালন কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰে পালন কৰা হয় এই উৎসৱ। অসমত উদযাপন কৰা মাঘ বিহুক তামিলনাডুত পোংগল আৰু পঞ্জাৱৰ লোহৰী উৎসৱ হিচাপে পালন কৰা হয়।