5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দুর্গোৎসৱৰ সময়ত এইকেইটা পথেৰে যাতায়ত কৰিব নোৱাৰি, মহানগৰীত জাৰি কৰা হ’ল নতুন পথ নিৰ্দেশনা…

আজি বেল বৰণেৰে মা দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰা হ’ব। ৯ অক্টোবৰৰ পুৱা ৯ বাজি ৫২ মিনিটৰ পৰা আৰম্ভ হৈছে ষষ্ঠীৰ সময়। শাৰদীয় দুর্গা পূজাৰ এই সময়ছোৱাত হ'বলগীয়া তীব্র যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যানবাহন আৰক্ষীয়ে ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ যানবাহন চলাচলৰ বাবে কিছু নীতি-নির্দেশনা জাৰি কৰিছে ।

manas-borah
Manas Borah | Updated On: 09 Oct 2024 15:25 PM
আজি ষষ্ঠী, আজি  বেল বৰণেৰে মা দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰা হ’ব। ৯ অক্টোবৰৰ পুৱা ৯ বাজি ৫২ মিনিটৰ পৰা আৰম্ভ হৈছে ষষ্ঠীৰ সময়। শাৰদীয় দুর্গা পূজাৰ এই সময়ছোৱাত হ'বলগীয়া তীব্র যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যানবাহন আৰক্ষীয়ে ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ যানবাহন চলাচলৰ বাবে কিছু নীতি-নির্দেশনা জাৰি কৰিছে ।

1 / 8
গধুৰ বাণিজ্যিক বাহন মহানগৰীৰ মাজেৰে পুৱা ৪ বজাৰ পৰা দিনৰ ১২ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব । নিৰ্দেশনা অনুসৰি বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰ অভিমুখে যোৱা চিটীবাছসমূহ বশিষ্ঠ চাৰিআলি, কইনাধৰা পইন্ট হৈ খানাপাৰা ৰ'টাৰীৰ দিশেৰে জিএছ ৰোড হৈ ধাৰাপুৰ যাব পাৰিব ।

2 / 8
আদাবাৰী বাছষ্টেণ্ডৰ পৰা লালগণেশ অভিমুখে যোৱা চিটীবাছসমূহ মালিগাঁও, কাছাৰী, ৰবীন্দ্র ভবন, গুৱাহাটী ক্লাব, চানমাৰি, জু-ৰোড ফ্লাই অভাৰ হৈ ৰাজধানী মছজিদ, গণেশ মন্দিৰেৰে লালগণেশ যাব পাৰিব । সমান্তৰালভাৱে পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰ অভিমুখী যোৱা চিটীবাছসমূহ ভিআইপি ৰোড হৈ নুনমাটি, চানমাৰি হৈ যাব লাগিব ।

3 / 8
হাতীগাঁৱৰ পৰা ধাৰাপুৰ অভিমুখী চিটীবাছ উভতি অহাৰ ক্ষেত্ৰত ধাৰাপুৰ এম জি ৰোড চানমাৰি হৈ গণেশগুৰি উৰণীয়া সেতুৰে চুপাৰ মার্কেট, লাষ্টগেট হৈ হাতীগাঁও চাৰিআলি অভিমুখে যাব লাগিব ।

4 / 8
ইফালে, বাণিজ্যিক যাত্রীবাহী বাছৰ ক্ষেত্ৰত নামনি অসমৰ পৰা অহা দূৰণিবটীয়া বাছসমূহ আদাবাৰীৰ বাছ আস্থানতে ৰখাব লাগিব । উজনি অসমৰ পৰা অহা বাছসমূহ আই এছ বি টি বেটকুছিত ৰখাব লাগিব ।

5 / 8
তিনিখন আৰক্ষী জিলাৰ অন্তর্গত বিভিন্ন অঞ্চলৰ সৰু-বৰ বাহনসমূহৰ চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে যানবাহন আৰক্ষীয়ে । এই নিষেধাজ্ঞা অনুসৰি দিছপুৰ আৰক্ষী এলেকাৰ বিভিন্ন স্থানত প্রৱেশ নিষিদ্ধ কৰা হৈছে । জু-ৰোডৰ দিশৰ পৰা দিছপুৰৰ গণেশ মন্দিৰ এলেকালৈ বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । একেদৰে বশিষ্ঠ আৰক্ষী এলেকাৰ অন্তৰ্গত বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলি দিশলৈ যানবাহনৰ চলাচল বন্ধ কৰা হৈছে ।

6 / 8
ভৰলুমুখ এলেকাৰ ক্ষেত্ৰতো কেইবাটাও দিশত যানবাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এ টি ৰোড আৰু দিনেশ গোস্বামী পথত যানবাহনৰ পার্কিং নিষিদ্ধ কৰা হৈছে । ফটাশিল চাৰিআলিৰ পৰা কুমাৰপাৰা পাঁচআলি অভিমুখে যানবাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে ।

7 / 8
ইফালে, জালুকবাৰী ৰটাৰীৰ পৰা পল্টনবজাৰ, পাণবজাৰ, ফটাশিল আৰু ভৰলুমুখ অভিমুখী গধুৰ বাণিজ্যিক বাহনসমূহৰ চলাচল নিষিদ্ধ কৰা হৈছে ।

8 / 8
Latest Stories