মহানগৰীত জাৰি কৰা হ'ল নতুন পথ নিৰ্দেশনা... | Traffic restrictions imposed in Guwahati for Durga Puja 2024 Assam news - Assam Tv9

দুর্গোৎসৱৰ সময়ত এইকেইটা পথেৰে যাতায়ত কৰিব নোৱাৰি, মহানগৰীত জাৰি কৰা হ’ল নতুন পথ নিৰ্দেশনা…

Updated On: 

09 Oct 2024 15:25 PM

আজি বেল বৰণেৰে মা দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰা হ’ব। ৯ অক্টোবৰৰ পুৱা ৯ বাজি ৫২ মিনিটৰ পৰা আৰম্ভ হৈছে ষষ্ঠীৰ সময়। শাৰদীয় দুর্গা পূজাৰ এই সময়ছোৱাত হ'বলগীয়া তীব্র যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যানবাহন আৰক্ষীয়ে ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ যানবাহন চলাচলৰ বাবে কিছু নীতি-নির্দেশনা জাৰি কৰিছে ।

1 / 8আজি ষষ্ঠী, আজি  বেল বৰণেৰে মা দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰা হ’ব। ৯ অক্টোবৰৰ পুৱা ৯ বাজি ৫২ মিনিটৰ পৰা আৰম্ভ হৈছে ষষ্ঠীৰ সময়। শাৰদীয় দুর্গা পূজাৰ এই সময়ছোৱাত হ'বলগীয়া তীব্র যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যানবাহন আৰক্ষীয়ে ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ যানবাহন চলাচলৰ বাবে কিছু নীতি-নির্দেশনা জাৰি কৰিছে ।

আজি ষষ্ঠী, আজি বেল বৰণেৰে মা দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰা হ’ব। ৯ অক্টোবৰৰ পুৱা ৯ বাজি ৫২ মিনিটৰ পৰা আৰম্ভ হৈছে ষষ্ঠীৰ সময়। শাৰদীয় দুর্গা পূজাৰ এই সময়ছোৱাত হ'বলগীয়া তীব্র যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যানবাহন আৰক্ষীয়ে ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ যানবাহন চলাচলৰ বাবে কিছু নীতি-নির্দেশনা জাৰি কৰিছে ।

2 / 8

গধুৰ বাণিজ্যিক বাহন মহানগৰীৰ মাজেৰে পুৱা ৪ বজাৰ পৰা দিনৰ ১২ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব । নিৰ্দেশনা অনুসৰি বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰ অভিমুখে যোৱা চিটীবাছসমূহ বশিষ্ঠ চাৰিআলি, কইনাধৰা পইন্ট হৈ খানাপাৰা ৰ'টাৰীৰ দিশেৰে জিএছ ৰোড হৈ ধাৰাপুৰ যাব পাৰিব ।

3 / 8

আদাবাৰী বাছষ্টেণ্ডৰ পৰা লালগণেশ অভিমুখে যোৱা চিটীবাছসমূহ মালিগাঁও, কাছাৰী, ৰবীন্দ্র ভবন, গুৱাহাটী ক্লাব, চানমাৰি, জু-ৰোড ফ্লাই অভাৰ হৈ ৰাজধানী মছজিদ, গণেশ মন্দিৰেৰে লালগণেশ যাব পাৰিব । সমান্তৰালভাৱে পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰ অভিমুখী যোৱা চিটীবাছসমূহ ভিআইপি ৰোড হৈ নুনমাটি, চানমাৰি হৈ যাব লাগিব ।

4 / 8

হাতীগাঁৱৰ পৰা ধাৰাপুৰ অভিমুখী চিটীবাছ উভতি অহাৰ ক্ষেত্ৰত ধাৰাপুৰ এম জি ৰোড চানমাৰি হৈ গণেশগুৰি উৰণীয়া সেতুৰে চুপাৰ মার্কেট, লাষ্টগেট হৈ হাতীগাঁও চাৰিআলি অভিমুখে যাব লাগিব ।

5 / 8

ইফালে, বাণিজ্যিক যাত্রীবাহী বাছৰ ক্ষেত্ৰত নামনি অসমৰ পৰা অহা দূৰণিবটীয়া বাছসমূহ আদাবাৰীৰ বাছ আস্থানতে ৰখাব লাগিব । উজনি অসমৰ পৰা অহা বাছসমূহ আই এছ বি টি বেটকুছিত ৰখাব লাগিব ।

6 / 8

তিনিখন আৰক্ষী জিলাৰ অন্তর্গত বিভিন্ন অঞ্চলৰ সৰু-বৰ বাহনসমূহৰ চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে যানবাহন আৰক্ষীয়ে । এই নিষেধাজ্ঞা অনুসৰি দিছপুৰ আৰক্ষী এলেকাৰ বিভিন্ন স্থানত প্রৱেশ নিষিদ্ধ কৰা হৈছে । জু-ৰোডৰ দিশৰ পৰা দিছপুৰৰ গণেশ মন্দিৰ এলেকালৈ বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । একেদৰে বশিষ্ঠ আৰক্ষী এলেকাৰ অন্তৰ্গত বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলি দিশলৈ যানবাহনৰ চলাচল বন্ধ কৰা হৈছে ।

7 / 8

ভৰলুমুখ এলেকাৰ ক্ষেত্ৰতো কেইবাটাও দিশত যানবাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এ টি ৰোড আৰু দিনেশ গোস্বামী পথত যানবাহনৰ পার্কিং নিষিদ্ধ কৰা হৈছে । ফটাশিল চাৰিআলিৰ পৰা কুমাৰপাৰা পাঁচআলি অভিমুখে যানবাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে ।

8 / 8

ইফালে, জালুকবাৰী ৰটাৰীৰ পৰা পল্টনবজাৰ, পাণবজাৰ, ফটাশিল আৰু ভৰলুমুখ অভিমুখী গধুৰ বাণিজ্যিক বাহনসমূহৰ চলাচল নিষিদ্ধ কৰা হৈছে ।

খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...
দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?
৮২৩ বছৰ পাছত বিৰল সংযোগ! কিয় মুছলিম সকলৰ বাবে বিশেষ জানুৱাৰী মাহটো...