শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, IPLৰ মেচৰ বাবে যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা

IPL 2025: গুৱাহাটীত IPLৰ উন্মাদনা। আজি গুৱাহাটীত চলিব IPLৰ দ্বিতীয়খন মেচ। বৰ্ষাপাৰাত সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ। তাৰ পূৰ্বে পূৰ্ণগতিত সাজু হৈছে অসম ক্ৰিকেট সন্থাৰ লগতে অসম আৰক্ষীও। আজি গুৱাহাটীত যানবাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নীতি প্ৰযোজ্য হ’ব।

barasha-misra
Barasha Misra | Published: 30 Mar 2025 10:47 AM
আজি গুৱাহাটীত IPLৰ মহাৰণ। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আইপিএলৰ মেচ খেলিবৰ বাবে সাজু চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছ। মেচখনক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা।

1 / 7
আজি সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ। আজি তৃতীয়খন মেচক ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে। ইফালে ৰিতুৰাজ গায়কোৱাডৰ নেতৃত্বত যুঁজ দিব চেন্নাই ছুপাৰ কিংছে।  সন্ধিয়া ৭.৩০ বজাৰ পৰা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ হাইভল্টেজ মেচ উপভোগ কৰিব দৰ্শকে।

2 / 7
কালি গুৱাহাটীত উপস্থিত হৈছে মহেন্দ্ৰ সিং ধোনীসহ CSKৰ দল। ষ্টেডিয়ামৰ চাৰিওফালে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। আজিৰ IPLৰ মেচৰ বাবে যান-বাহন আৰক্ষীয়ে দিছে ২৬ মাৰ্চৰ দৰেই পথ নিৰ্দেশনা।

3 / 7
এই নিয়ম সমূহ জানক- দিনৰ ২ বজাৰ পৰা মাজনিশা ১ বজালৈ জিএছ ৰোজ, বিকে কাকতি ৰোড, এটি ৰোড, একে দেৱ ৰোড, ডঃ ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, FA ROAD, MG ROAD, RKC ROAD, বিৰুবাৰী-GMCH, কাহিলীপাৰা পথত সকলো বাণিজ্যিক বাহন চলাচলত বাধা।

4 / 7
ৱান ৱে হ’ব একে আজাদ ৰোড। ৩ বজাৰ পিছত চাইকেল ফেক্টৰী দিশৰ পৰা লালগণেশ তিনিআলি দিশলৈ চালাচল কৰিব নোৱাৰিব বাহন। বিয়লি ৪.৩০ বজাৰ পৰা লালগণেশৰ পৰা বৰ্ষাপাৰালৈ পাছ থকা বাহনহে আহিব পাৰিব। বৰ্ষাপাৰা তিনিআলি পৰা ধীৰেণপাৰালৈ যোৱা পথত বাহন চলাচল বন্ধ থাকিব।

5 / 7
ষ্টেডিয়ামৰ পাৰ্কিঙত থকা বাহনসমূহ খেল শেষ হ’লে দুয়োটা পথেৰে ওলাই যাব পাৰিব। এইবাৰ ১১টাকৈ পাৰ্কিঙৰ ব্যৱস্থা থাকিব। ৬খন গেটেৰে দৰ্শকে ষ্টেডিয়ামত প্ৰবেশ কৰিব। বিয়লি ৪:৩০ বজাত খুলি দিয়া হ’ব ষ্টেডিয়ামৰ গেট।  মানি বেগ, ম’বাইলৰ বাহিৰে একো সামগ্ৰী ষ্টেডিয়ামলৈ নিব নোৱাৰিব দৰ্শকে।

6 / 7
উল্লেখ্য যে, জৰুৰীকালীন সেৱাৰ বাহনক ৰেহাই দি আন আন যান-বাহন চলাচলক লৈ বিশেষ নিৰ্দেশনা দিয়া হৈছে। আজিৰৰ দিনটোতো প্ৰযোজ্য হ’ব এই নীতি-নিয়ম। ষ্টেডিয়ামৰ দিশে বাণিজ্যিক বাহন চলাচলতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

7 / 7