5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Solo trip: অকলে ফুৰিব মন গৈছে নেকি? তেন্তে যাব পাৰে এই ঠাইসমূহলৈ…

আজিকালি প্ৰায় সকলোৱে নিজৰ কামত বা বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে। কিন্তু মাজে মাজে এই ব্যস্ততাৰ পৰা বিৰতি লৈ নিজক কিছু সময় দিয়াৰ দৰকাৰ। যদি আপুনি solo tripবা অকলে ফুৰিব বিচাৰে তেন্তে যাব পাৰে এই ঠাইসমূহলৈ।

barasha-sarma
Barasha Sarma | Published: 07 Jun 2024 16:13 PM
ধৰ্মশালা, হিমাচলঃD অকলে যোৱাৰ বাবে পাহাৰ আৰু সেউজীয়াৰে আগুৰি থকা ধৰ্মশালা এক উত্তম বিকল্প। ধৰ্মশালাৰ স্বাভাৱিক সৌন্দৰ্য্যই মন মুহি তুলিব মুহুৰ্ততে। হিমাচল পাহাৰীয়া ষ্টেচনৰ বাবে বিখ্যাত হ’লেও ইয়াৰ বিখ্যাত পৰ্যটনস্থলী ধৰ্মশালালৈ বহু যাত্ৰীৰ আগমন ঘটে।

1 / 5
হৰিদ্বাৰ-ঋষিকেশঃ যদি ব্যস্ত জীৱনৰ পৰা বিৰতি ল’ব বিচাৰে, তেন্তে হৰিদ্বাৰ-ঋষিকেশ ভ্ৰমণলৈ যাব পাৰে। সস্তীয়া বাছৰ টিকটৰ পৰা আৰম্ভ কৰি ইয়াত অতি কম দামতে ভাল থকা ঠাই পোৱা যায়।   গংগাৰ পাৰত বহি ঋষিকেশৰ পাহাৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। ৰিভাৰ ৰাফটিং আৰু পাহাৰত ট্ৰেকিঙৰ বাবেও ঋষিকেশ জনাজাত।

2 / 5
জয়পুৰ: জয়পুৰক পিংক চিটি বুলিও কোৱা হয় । ই দম্পত্তী, বন্ধু-বৰ্গৰ লগত যাব পৰা উত্তম স্থান। অকলেও ইয়াত আপুনি ভ্ৰমণ কৰিব পাৰে। জয়পুৰত দেখা পাব ঐতিহাসিক অট্টালিকা।  ইয়াৰ ৰাজকীয় শৈলী আৰু  সংস্কৃতিয়ে ইয়াক অন্যান্য পৰ্যটনস্থলীতকৈ যথেষ্ট পৃথক কৰি তুলিছে। যদি আপুনি ভ্ৰমণৰ প্ৰকৃত আনন্দ উপভোগ কৰিব বিচাৰে তেন্তে জয়পুৰলৈ যাব পাৰে।

3 / 5
মুন্নাৰ, কেৰালাঃ ভাৰতত হানিমুন গন্তব্যস্থান হিচাপে পৰিচিত হ’লেও ইয়াত অকলে ভ্ৰমণ কৰাৰো বেলেগ মজা আছে । চাহ বাগিচা আৰু ৰসাল সেউজীয়া পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য দেখি যিকোনো ব্যক্তিয়েই অভিভূত হৈ পৰিব। কৰ্মৰ পৰা বিৰতি লৈ কেৰেলাৰ মুন্নাৰলৈ দীঘলীয়া ভ্ৰমণ উপভোগ কৰিবলৈ যাব পাৰি।

4 / 5
ৰে'ল পথঃ. আটাইতকৈ ধুনীয়া আৰু মনোমোহা ৰেলপথৰ কথা আহিলে কেৰালাৰ পৰা গোৱালৈ যোৱা ৰে’লপথটোৰ কথা ক’ব পাৰি। কোৱা হয় যে কেৱল যাত্ৰা উপভোগ কৰিবলৈ এই পথেৰে যাত্ৰীসকল আহে। কেৰালাৰ পৰা গোৱালৈ যোৱাৰ পথত গ্ৰাম্য অঞ্চল, পাহাৰ, বিল আৰু ৰেল দলঙৰ সৌন্দৰ্য্য দেখা পাব। এই পথৰ বাবে মালাবাৰ এক্সপ্ৰেছ বা কংকন এক্সপ্ৰেছ ৰেলত টিকট বুকিং কৰিব পাৰিব। গতিকে এই ঠাইলৈও আহিব পাৰে আপুনি।

5 / 5
Latest Stories