বজাৰলৈ আহিল TVS Apache RR 310: KTM, BMWৰ দৰে কোম্পানীৰ বাইকৰ সৈতে বজাৰত হ’ব প্ৰতিদ্বন্দিতা | TVS launched Apache RR 310 bike see price and other details Assam news - Assam Tv9

বজাৰলৈ আহিল TVS Apache RR 310: KTM, BMWৰ দৰে কোম্পানীৰ বাইকৰ সৈতে বজাৰত হ’ব প্ৰতিদ্বন্দিতা

Published: 

16 Sep 2024 22:02 PM

ভাৰতীয় বজাৰত সুকীয়া স্থান দখল কৰি অহা TVS কোম্পানীয়ে দেশৰ বজাৰত মুকলি কৰিছে নতুন বাইক Apache RR 310। TVSৰ Apache বাহনখনে বাইকপ্ৰেমীসকলক সদায়েই আকৰ্ষিত কৰি আহিছে। Apacheৰ এই নতুন সংস্কৰণত কৰা হৈছে কিছু আপডেট। এই বাইকখনৰ এক্স-শ্ব’ৰুম মূল্য ২.৭৫ লাখ টকাৰ পৰা আৰম্ভ হ’ব বুলি কোম্পানীটোৱে প্ৰকাশ কৰিছে। চাওক এই নতুন বাইকখনৰ বিষয়ে…

1 / 5Apacheৰ

Apacheৰ এই নতুন বাইকখন ৰেচিং ৰেড আৰু বোম্বাৰ গ্ৰে- এই নতুন দুটা ৰঙতো উপলব্ধ হ’ব। এই বাইকখনে BMW G 310 RR, Keeway K300 R আৰু KTM RC 390 দৰে বাইকৰ সৈতে বজাৰত প্ৰতিযোগিতাত নামিব।

2 / 5

এই বাইকখনত দিয়া হৈছে ৩১২ চিচি, লিকুইড কুল্ড, একক চিলিণ্ডাৰ ইঞ্জিন।

3 / 5

Apache RR 310ত ইঞ্জিন আৰু পাৱাৰ নিয়ন্ত্ৰণ কৰিব পৰাকৈ 6-স্পীড গিয়াৰবক্স আছে।

4 / 5

এই বাইকখনত টিএফটি ডিছপ্লে, ক্ৰুজ কণ্ট্ৰল, ট্ৰেকচন কণ্ট্ৰল, নেভিগেচন চিষ্টেম আৰু ব্লুটুথ সংযোগৰ দৰে সুবিধাও আছে।

5 / 5

এই বাইকখন চাৰিটা ৰাইডিং মোড ক্ৰমে- ট্ৰেক, আৰ্বান, ৰেইন আৰু স্প’ৰ্ট মোডত উপলব্ধ হ’ব। বাইকখনৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ২১৫.৯ কিলোমিটাৰ পৰ্যন্ত হ’ব।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version