ৰাজ্যৰ কোন কোন স্থানত আলফা(স্বা)য়ে ৰাখিছিল বোমা? চাওক ফটো... | ulfa i release photo of places where bomb were planted Assam news - Assam Tv9

ৰাজ্যৰ কোন কোন স্থানত আলফা(স্বা)য়ে ৰাখিছিল বোমা? চাওক ফটো…

Published: 

15 Aug 2024 17:13 PM

আজি দেশে পালন কৰিলে ৭৮ সংখ্যক স্বাধীনতা দিৱস। ইয়াৰ মাজতে আলফা (স্বা)য়ে এক প্ৰেছ বিবৃতি জাৰি কৰি কয় যে ৰাজ্য কেইবাটা স্থানত তেওঁলোকে বোমা সংস্থাপন কৰিছে। ইয়াৰ ফটোও তেওঁলোকে জাৰি কৰে।

1 / 5আলফা (স্বা)য়ে বিবৃতি জাৰি কৰি কয় যে, অসমৰ কেইবাটাও স্থানত তেওঁলোকে বোমা সংস্থাপন কৰিছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে এয়া ফলপ্ৰসূ নহ'ল। যাৰ বাবে এয়া নিষ্ক্ৰিয় কৰিবলৈ তেওঁলোকে আহ্বান জনায়।

আলফা (স্বা)য়ে বিবৃতি জাৰি কৰি কয় যে, অসমৰ কেইবাটাও স্থানত তেওঁলোকে বোমা সংস্থাপন কৰিছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে এয়া ফলপ্ৰসূ নহ'ল। যাৰ বাবে এয়া নিষ্ক্ৰিয় কৰিবলৈ তেওঁলোকে আহ্বান জনায়।

2 / 5

আলফা(স্বা)য়ে কয়, সংগঠনৰ ফালৰ পৰা আজি ১৫ আগষ্ট,২০২৪ তাৰিখৰ পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে যি সামৰিক প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়নৰ ধাৰ্য কৰা হৈছিল, কাৰিকৰী বিজুতিৰ বাবে সেই কাৰ্যসূচী নিৰ্ধাৰিত সময়ত ফলপ্ৰসূ নোহোৱাত জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাথি প্ৰতিবাদস্থলীসমূহ ৰাজহুৱা কৰা হৈছে।

3 / 5

শিৱসাগৰ, ডিব্ৰগড়, নলবাৰী, গুৱাহাটী, শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় ২৫ টা বোমা সংস্থাপন কৰিছিল আলফা(স্বা)য়ে। এই তথ্য প্ৰকাশ কৰাৰ লগে লগে আৰক্ষীৰ মাজত তৎপৰতা বৃদ্ধি পায়।

4 / 5

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, টাটাই অসমত ছেমিকণ্ডাক্টাৰ প্ৰকল্প আনিছে, অসমলৈ আৰু বহু বিনিয়োগ আহিব। বহু বছৰৰ মূৰত অসমে বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে। অসমত এনে কোনো পৰিৱেশ সৃষ্টি কৰিব নালাগে যাতে বিনিয়োগৰ পৰিৱেশ নোহোৱা হৈ যায়।

5 / 5

ইতিমধ্যে কোনো কোনো স্থানৰ পৰা আৰক্ষীয়ে বোমা উত্থাৰ কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে আলফা(স্বা)য়ে বোমা ৰখা স্থান সমূহৰ ফটো প্ৰকাশ কৰে। সংলগ্ন কৰি দিয়া ফটো কেইখনৰ ঠাইতে আলফা(স্বা)য়ে বোমা ৰাখিছিল।

পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছিল মনমোহন সিঙৰ?
আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!