BCCI ৰ কেন্দ্ৰীয় চুক্তি তালিকাত উমা চেত্ৰী, দৰমহা শুনি আচৰিত হ'ব আপুনি... | Uma Chetri has been included in the BCCI's central contract list know her salary in details Assam news - Assam Tv9

BCCI ৰ কেন্দ্ৰীয় চুক্তি তালিকাত উমা চেত্ৰী, দৰমহা শুনি আচৰিত হ’ব আপুনি…

Published: 

25 Mar 2025 09:19 AM

অসমবাসীৰ বাবে এক ভাল খবৰ। বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি তালিকাত স্থান লাভ অসমৰ খেলুৱৈ উমা চেত্ৰীৰ। BCCI ৰ পৰা দৰমহা লাভ কৰা প্ৰথম অসমীয়া উমা চেত্ৰী।

1 / 5অসমবাসীৰ বাবে এক ভাল খবৰ। BCCI ৰ কেন্দ্ৰীয় চুক্তিৰ তালিকাত স্থান লাভ অসম সন্তান উমা চেত্ৰীৰ। ২০২৪-২৫ বৰ্ষৰ বাবে বিচিচিআইৰ সৈতে চুক্তিবদ্ধ হৈছে উমা চেত্ৰী। ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈ বিচিচিআইৰ সৈতে চুক্তিবদ্ধ উমা।

অসমবাসীৰ বাবে এক ভাল খবৰ। BCCI ৰ কেন্দ্ৰীয় চুক্তিৰ তালিকাত স্থান লাভ অসম সন্তান উমা চেত্ৰীৰ। ২০২৪-২৫ বৰ্ষৰ বাবে বিচিচিআইৰ সৈতে চুক্তিবদ্ধ হৈছে উমা চেত্ৰী। ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈ বিচিচিআইৰ সৈতে চুক্তিবদ্ধ উমা।

2 / 5

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ গ্ৰুপ-চিত থাকিব উমা চেত্ৰী। BCCIয়ে জাৰি কৰা তথ্য অনুসৰি গ্ৰুপ এ-ত আছে ৩গৰাকী খেলুৱৈ, গ্ৰুপ বি-ত আছে ৪ গৰাকী আৰু গ্ৰুপ চি-ত আছে ৯ গৰাকী খেলুৱৈ। কেন্দ্ৰীয় চুক্তিৰ তালিকাত মুঠ ১৬ গৰাকী খেলুৱৈৰ নাম আছে।

3 / 5

উল্লেখ্য যে, BCCI ৰ পৰা দৰমহা লাভ কৰিব লগা প্ৰথম অসমীয়া খেলুৱৈ উমা চেত্ৰী। পুৰুষ ক্ৰিকেট দলত ৰিয়ান পৰাগ আছে যদিও BCCI ৰ পৰা তেওঁ দৰমহা লাভ নকৰে। ইয়াৰ বিপৰীতে উমাই BCCI ৰ পৰা এক মোটা অংকৰ ধন লাভ কৰিব।

4 / 5

তথ্য অনুসৰি, BCCI য়ে দৰমহা হিচাপে উমা চেত্ৰীক প্ৰতিবছৰে ১০ লাখ টকা দিব। ইয়াৰ বিপৰীতে প্ৰতিখন টেষ্ট খেলাৰ বাবদ ১৫ লাখ টকা, এদিনীয়ে খেলাৰ নামত ৬ লাখ টকা আৰু টি-২০ ৰ বাবে ৩ লাখ টকাকৈ লাভ কৰিব।

5 / 5

উমাৰ এই সফলতাত গৌৰৱান্বিত অসমবাসী। উল্লেখ্য যে, ২০২৪ৰ ৭জুলাইত আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটিছিল উমাৰ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিল উমা চেত্ৰীয়ে। ২০২৩ত ভাৰতীয় A দলত অভিষেক ঘটিছিল উমাৰ।

ভাৰতৰ ১০০ টকাৰ মূল্য চীনত কিমান হয়? শুনি হ'ব আচৰিত...
মঙলবাৰে বজৰংগবলীক অৰ্পন কৰক এইসমূহ বস্তু, দূৰ হ'ব ধনৰ অভাৱ
৯মাহ মহাকাশত থকাৰ পাছত ট্ৰাম্পে কিমান টকা দিব সুনীতা উইলিয়ামছক?
IPL 2025ত কোনখন দেশৰ কিমানজন খেলুৱৈ আছে?