বিশ্ব ঐতিহ্য সপ্তাহ: চৰাইদেউ মৈদামত উপস্থিত হৈ স্বৰ্গদেউসকলক শ্ৰদ্ধা জ্ঞাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ | union minister sarbananda sonowal visite the charaideo maidam a world heritage site assam Assam news - Assam Tv9

বিশ্ব ঐতিহ্য সপ্তাহ: চৰাইদেউ মৈদামত উপস্থিত হৈ স্বৰ্গদেউসকলক শ্ৰদ্ধা জ্ঞাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Published: 

21 Nov 2024 17:13 PM

চৰাইদেউ মৈদাম ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ পাছত প্ৰথমবাৰ মৈদাম পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

1 / 5বৃহস্পতিবাৰে

বৃহস্পতিবাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰত্নতত্ব বিভাগৰ বিষয়াসকলৰ পৰা ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা মৈদাম সন্দৰ্ভত বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

2 / 5

মৈদামথলীৰ চৌহদত থকা স্থায়ী চাও চি ৰেন গৃহত বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে টাই মলুং পণ্ডিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেদি আহোম স্বৰ্গদেউসকলৰ উপৰি পুৰুষক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰে ৷

3 / 5

এই সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লিখিছে, "বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত চৰাইদেউ মৈদাম - আহোম যুগৰ স্থাপত্যবিদ্যাৰ এক অনন্য নিদৰ্শন, যিয়ে মহান স্বৰ্গদেউসকলৰ ৰাজত্বকালৰ চানেকি বহন কৰি আহিছে। 'বিশ্ব ঐতিহ্য সপ্তাহ' উদযাপনৰ অংশ হিচাপে আজি এই পৱিত্ৰ স্থলীত উপস্থিত হৈ আপ্লুত হ'লোঁ আৰু যুগজয়ী স্বৰ্গদেউসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।"

4 / 5

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই তেওঁ লিখিছে, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল প্ৰচেষ্টাত চৰাইদেউ মৈদামে ইউনেস্কোৰ 'বিশ্ব ঐতিহ্য ক্ষেত্ৰ'ৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বাবে অসমবাসী মোদী ডাঙৰীয়াৰ প্ৰতি সদায় কৃতজ্ঞ হৈ ৰ'ব।"

5 / 5

এই ভ্ৰমণকালত সোণোৱালক সংগ দিয়ে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ , জিলা আয়ুক্ত ড° নেহা যাদৱ আৰু প্ৰত্নতত্ত্ব বিভাগৰ বিষয়াসকলে ৷

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!