5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এনে কৌশলেৰে UPI প্ৰৱঞ্চনাৰ জাল পেলায় প্ৰৱঞ্চকেঃ জানিলে সুৰক্ষিত হ’ব আপুনি…

বৰ্তমান সময়ত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে UPI ৰ জৰিয়তে ধন লুণ্টনৰ ঘটনা। বিভিন্ন কৌশলেৰে UPI প্ৰৱঞ্চনাৰ জাল পেলাই দুৰ্বৃত্তই চলাইছে লুণ্ঠন। গতিকে সজাগ নহ’লে যিকোনো লোকেই এই প্ৰৱঞ্চনাৰ জালত ভৰি দিব পাৰে। এনে দিশৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে UPI জালিয়াতিৰ পৰা হাত সাৰিবলৈ কিছু টিপছ শ্বেয়াৰ কৰিছে। UPI ব্যৱহাৰ কৰাৰ সময়ত এই টিপছসমূহ অনুসৰণ কৰিলে তথা প্ৰৱঞ্চনাৰ কৌশলসমূহ UPI প্ৰৱঞ্চনাৰ পৰা হাত সাৰিব পাৰিব আপুনি।

monjit-dutta
Monjit Dutta | Published: 20 Oct 2024 12:00 PM
প্ৰৱঞ্চকে সামাজিক মাধ্যমত আপোনাৰ বন্ধু-বান্ধৱীৰ ভুৱা একাউণ্ট সৃষ্টি কৰে আৰু তাৰ পিছত কোনো সমস্যাত পৰাৰ অজুহাত দেখুৱাই আপোনাৰ পৰা ধন দাবী কৰে। এই প্ৰৱঞ্চনাত বহু লোক সহজেই আবদ্ধ হৈ পৰে।

1 / 5
প্ৰৱঞ্চকে বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰি লাভসহ ৰিটাৰ্ণৰ স্ক্ৰীণশ্বট সামাজিক মাধ্যম আৰু বহু হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰে। বিনিয়োগৰ দ্বাৰা লাভসহ ৰিটাৰ্ণৰ এনে স্ক্ৰীণ শ্বট দেখি বহু লোকে নিজেই এনে ফান্দত ভৰি দিয়ে।

2 / 5
প্ৰৱঞ্চকে চৰকাৰী বিষয়াৰ ৰূপ লৈয়ো বহু সময়ত এনে প্ৰৱঞ্চনাৰ জাল পেলায়। চৰকাৰী বিষয়াৰ ভয়ত সহজ-সৰল লোকসকল এনে জালত সোমাই পৰে।

3 / 5
তদুপৰি বহু সময়ত প্ৰৱঞ্চকে অতি চতুৰতাৰে আপোনাৰ ডিভাইচত এনে এপ ইনষ্টল কৰায়, যিসমূহ এপৰ জৰিয়তে আপোনাৰ ডিভাইচৰ স্ক্ৰীণ ৰেকৰ্ড কৰা হয়। ইয়াৰ দ্বাৰা আপুনি যেতিয়াই ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু UPI ৰ জৰিয়তে পেমেণ্ট কৰে, তেতিয়া এই তথ্যসমূহ প্ৰৱঞ্চকৰ হাতলৈ যায়।

4 / 5
বহু সময়ত প্ৰৱঞ্চকে ই-কমাৰ্চ ৱেবছাইট আৰু বিভাগীয় ষ্ট’ৰত UPI ক’ড পোষ্ট কৰে। ইয়াৰ জৰিয়তে এই লোকসকলে আপোনাৰ পৰা কেৱল পেমেণ্ট লাভ কৰাই নহয়, আপোনাৰ আৰ্থিক তথ্যও চুৰি কৰে।

5 / 5
Latest Stories