UPSC ২০২৪ বৰ্ষৰ ফলাফল ঘোষণা, ৪৭৪ সংখ্যক স্থানত উজলিল অসমৰ ভাস্বত শইকীয়া | UPSC CSE 2024 Final Result declared Bhaswata Saikia from Assam secured rank 474 Assam news - Assam Tv9

UPSC ২০২৪ বৰ্ষৰ ফলাফল ঘোষণা, ৪৭৪ সংখ্যক স্থানত উজলিল অসমৰ ভাস্বত শইকীয়া

Updated On: 

22 Apr 2025 17:34 PM

আজি ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)ৰ পৰীক্ষাৰ ফলাফল৷ মুঠ ১০০৯ জন প্ৰাৰ্থীৰ ফলাফল প্ৰকাশ কৰিছে আয়োগে। UPSCৰ ফলাফলত ৪৭৪ সংখ্যক স্থানত জিলিকিল অসম সন্তান ভাস্বত শইকীয়া।

1 / 5 কেন্দ্ৰীয় লোকসেৱা আয়োগে ঘোষণা কৰিলে ২০২৪ চনৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল । সাক্ষাৎকাৰ আৰু মূল পৰীক্ষাত পোৱা নম্বৰৰ ভিত্তিত চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে ।

কেন্দ্ৰীয় লোকসেৱা আয়োগে ঘোষণা কৰিলে ২০২৪ চনৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল । সাক্ষাৎকাৰ আৰু মূল পৰীক্ষাত পোৱা নম্বৰৰ ভিত্তিত চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে ।

2 / 5

আজি মুঠ ১০০৯ জন প্ৰাৰ্থীৰ ফলাফল প্ৰকাশ কৰিছে আয়োগে। য’ত সাধাৰণ শ্ৰেণীৰ ৩৩৫, ই ডব্লিউ এছৰ ১০৯, অ’বিচিৰ ৩১৮, অনুসূচিত জাতিৰ ১৬০ আৰু অনুসূচিত জাতি শ্ৰেণীৰ ৮৭ জন প্ৰাৰ্থী আছে ।

3 / 5

এই পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে শক্তি ডুবেই । দ্বিতীয় স্থানত আছে হৰ্শিতা গোৱেল। তৃতীয় স্থান দখল কৰিছে ডংগ্ৰে আৰ্চিট পৰাগে।

4 / 5

UPSCৰ ফলাফলত ৪৭৪ সংখ্যক স্থানত জিলিকিল অসম সন্তান ভাস্বত শইকীয়া। নগাঁও চহৰৰ সমীপবৰ্তী ডিফলুৰ বীৰেন্দ্ৰ নাথ শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াৰ পুত্ৰ ভাস্বত শইকীয়া।

5 / 5

২০২৩ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলতো ভাস্বত শইকীয়াই ৫৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে আই এফ এছত স্থান লাভ কৰিছিল ভাস্বত শইকীয়াই।ভাস্বতৰ এই সাফল্যত আনন্দিত পৰিয়ালৰ লগতে ৰাজ্যবাসী।

দুদিনীয়া কাৰ্যসূচীৰে তৃতীয়টো ভ্ৰমণ, চৌদি আৰৱত প্ৰবাসী ভাৰতীয় সকলে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীক...
Nilim Kumar: জনপ্ৰিয় কবি নীলিম কুমাৰলৈ 'ড॰ চি. নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় বঁটা-২০২৫', এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া নীলিম কুমাৰ
Chetan Bhagat: IIT আৰু IIM ৰ পৰা ডিগ্ৰীধাৰী চেতন ভগত কেনেকৈ হ'ল লেখক?
কোনবোৰ বস্তু খালে বৃক্কত পাথৰ হয়? সবিশেষ জানক