২০২৫ চনৰ আৰম্ভণিতে ঢেকীয়াজুলিত সংঘটিত শোকাৱহ ঘটনা। ৰাজ্যত প্ৰতিদিনেই ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈ থাকে কিন্তু নৱবৰ্ষৰ সময়ত ঘটা কিছুমান ঘটনাই সকলোকে আচৰিত কৰি তোলে।
চৰণে নাজানে মৰণৰ ঠাই! ঢেকিয়াজুলীৰ উদীয়মান যুৱক সাংবাদিক চন্দন ছেত্ৰীৰ মৃত্যুৱে সকলোকে আচৰিত কৰিছে। তথ্যনুসৰি বৃহস্পতিবাৰে নিশা ৰাজপথত দাওদাওকৈ জ্বলি উঠিল চন্দনৰ বাহনখন।
নৱবৰ্ষই সকলোৰে বাবে আনে নতুন আশা নতুন প্ৰত্যাশা কঢ়িয়াই আনে কিন্তু চন্দন ছেত্ৰীৰ পৰিয়াললৈ কঢ়িয়াই আনিছে দুখ। নিজেই চলোৱা বাহনত অগ্নিসংযোগ হৈ মৃত্যু হয় চন্দন ছেত্ৰীৰ।
নিজৰ অল্ট' বাহনত হঠাৎ অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে ঢেকীয়াজুলিৰ চন্দন ছেত্ৰীয়ে। ঢেকিয়াজুলিৰ ভোটপাৰাত সংঘটিত হয় এই ঘটনাটো। ৰাজপথত দাওদাওকৈ জ্বলি উঠে বাহনখন।
বহু চেষ্টা কৰিও গাড়ীখনৰ পৰা ওলাই আহিব পৰা নাছিল চন্দন। বন্ধুবৰ্গৰ মতে অতি মৃদুভাষী,সহজ সৰল আৰু সকলোৰে লগত হাঁহি ধেমালি কৰি থকা আছিল চন্দন। হাঁহিমুখে মৃত্যুৰ পূৰ্বে সামাজিক মাধ্যমত আপলোড কৰিছিল ফটো। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস!