উত্তৰ-পূব ভ্ৰমণলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়! গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি | vice president jagdeep dhankhar arrives in guwahati Airport on a two day visit in assam and meghalaya Assam news - Assam Tv9

উত্তৰ-পূব ভ্ৰমণলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি

Updated On: 

16 Oct 2024 15:18 PM

দুদিনীয়া কাৰ্যসূচীৰে অসম আৰু মেঘালয়লৈ দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়৷ গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মুখ্য সচিব ড০ ৰবি কোটাই৷

1 / 5বুধবাৰে

বুধবাৰে পুৱা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। এখন বিশেষ বিমানেৰে দিল্লীৰ পৰা অহা উপ-ৰাষ্ট্ৰপতিগৰাকীক বিমান বন্দৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আদৰণি জনায়।

2 / 5

উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱাৰ মুহূৰ্তত পাটোৱাৰীৰ সৈতে উপস্থিত আছিল অসমৰ মুখ্য সচিব ৰবি কোটা, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া। বিমান বন্দৰতে উপ-ৰাষ্ট্ৰপতিগৰাকীক এখন ফুলাম গামোচাৰে আদৰণি জনাই গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই।

3 / 5

উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে আহিছে তেওঁৰ পত্নী সুদেশ ধনখড়। বিমান বন্দৰৰ পৰা পোনে পোনে মেঘালয়লৈ ৰাওনা হয় তেওঁলোক। মেঘালয়ত তেওঁ বুধবাৰে বিয়লি মাওডিয়াংডিয়াঙত মেঘালয় স্কিল এণ্ড ইনভেচন হাবৰ আধাৰশিলা স্থাপন কৰিব।

4 / 5

সন্ধিয়ালৈ এক সাংস্কৃতিক কাৰ্যসূচীত অংশ ল’ব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁৰ সন্মানাৰ্থে মেঘালয়ৰ ৰাজভৱনৰ দৰ্বাৰ হলত এক ভোজ মেলৰো আয়োজন কৰা হৈছে। ইফালে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সহধৰ্মীনিয়ে ৰাজ্যখনৰ কেইবাগৰাকীও আমন্ত্ৰিত পৰিবেশবিদৰ সৈতে আলাপত মিলিত হ’ব।

5 / 5

এই ভ্ৰমণত তেওঁ মেঘালয়ৰ পৰ্যটনৰ ক্ষেত্ৰখনত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা কেইবাটাও স্থান পৰিদৰ্শন কৰিব। তাৰ ভিতৰত আৰৱা কেভ, নহকালিকাই ফলছ, ছেভেন ছিষ্টাৰ ফলছো আছে। তাৰোপৰি তেওঁ আন কেইবাটাও নিৰ্ধাৰিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

Latest Stories
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
Kali Puja 2024 Date & Time: কালী পূজাৰ অমাৱস্যা তিথি কেতিয়া লাগিব? এই বছৰ কালী পূজাৰ শুভ সময়ৰ বিষয়ে জানক
বিৰাট কোহলিৰ বেটিং অৰ্ডাৰ কিয় সলনি হ’ল ক’লে ৰোহিত শৰ্মাই, ৪৬ ৰানত আউট হোৱাৰ পিছত ক’লে এই ৪টা ডাঙৰ কথা
গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা
Kati Bihu 2024: পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে পালন কৰিলে কাতি বিহু! ৰাইজৰ সৈতে বন্তি প্ৰজ্জ্বলন মন্ত্ৰী-বিধায়কৰ
Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?