Happy Birthday Virender Sehwag: ১১ বছৰ পূৰ্বে খেলিছিল অন্তিমখন টেষ্ট, আজিলৈকে কোনেও ভংগ কৰিব পৰা নাই বীৰেন্দ্ৰ ছেহৱাগৰ এই অভিলেখ! | virender sehwag birthday most six in test cricket indian batsman record career stats Assam news - Assam Tv9

Happy Birthday Virender Sehwag: ১১ বছৰ পূৰ্বে খেলিছিল অন্তিমখন টেষ্ট, আজিলৈকে কোনেও ভংগ কৰিব পৰা নাই বীৰেন্দ্ৰ ছেহৱাগৰ এই অভিলেখ!

Updated On: 

20 Oct 2024 13:39 PM

টি-২০ ক্ৰিকেটলৈ আগমনৰ পূৰ্বেই টেষ্ট ক্ৰিকেটত আক্ৰমণাত্মক অপেনাৰৰ ভূমিকাত দেখা গৈছিল বীৰেন্দ্ৰ ছেহৱাগক। ইনিংছৰ প্ৰথম বলৰ পৰা বিপক্ষ বলাৰসকলক আক্ৰমণ কৰাৰ এই শৈলীয়ে ছেহৱাগৰ বাবে যথেষ্ট সফলতা আনিছিল। আজি ২০ অক্টোবৰত ৪৬ বছৰীয়া হ'ল কেৰিয়াৰত ১০৪খন টেষ্ট মেচ খেলা বীৰু।

1 / 5বিশ্ব

বিশ্ব ক্ৰিকেটত বহুতো মহান অপেনাৰ আছে কিন্তু টেষ্ট ক্ৰিকেটত বিধ্বংসী অপেনিং কৰা মাত্ৰ এজনে আছে। তেওঁ হ'ল বীৰেন্দ্ৰ ছেহৱাগ। ২০ অক্টোবৰত ৪৬তম জন্মদিন উদযাপন কৰা বীৰেন্দ্ৰ ছেহৱাগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বহুতো বৃহৎ ইনিংছ খেলিছিল। কিন্তু টেষ্টত তেওঁৰ প্ৰভাৱ আটাইতকৈ বিশেষ আছিল। (Photo: AFP)

2 / 5

টি-২০ ক্ৰিকেটলৈ আগমনৰ পূৰ্বেই ছেহৱাগে টেষ্ট ক্ৰিকেটক ১০০ৰ ষ্ট্ৰাইক ৰেটত বেটিং কৰাৰ অভ্যাসে সকলোকে আচৰিত কৰিছিল। টীম ইণ্ডিয়াৰ হৈ ১০৪খন টেষ্ট মেচ খেলা ছেহৱাগে ২০১৩ চনৰ মাৰ্চমাহত তেওঁৰ অন্তিমখন টেষ্ট খেলিছিল। (Photo: AFP)

3 / 5

তেওঁৰ অন্তিমখনৰ টেষ্ট মেচৰ প্ৰায় ১১.৫ বছৰ পাছতো এক বিশেষ অভিলেখ অক্ষুণ্ণ আছে। সেয়া হৈছে টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছিক্স কোবোৱা ভাৰতীয় বেটছমেন। ছেহৱাগে তেওঁৰ ১০৪খন টেষ্ট মেচৰ কেৰিয়াৰত ৯১টা ছিক্স মাৰিছিল। (Photo: AFP)

4 / 5

প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে তেওঁৰ অভিলেখ ভংগ কৰিব পাৰিলে হেঁতেন। কিন্তু তেওঁ ৯০খন টেষ্টত ৭৮টা ছিক্স মাৰি অৱসৰ লয়। বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা এই অভিলেখৰ আটাইতকৈ ওচৰত আছে, যিয়ে ইতিমধ্যে ৬২খন টেষ্টত ৮৮টা ছিক্স মাৰিছে আৰু অৱশেষত ৰোহিতে বীৰেন্দ্ৰ ছেহৱাগৰ এই অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে। (Photo: PTI)

5 / 5

ছেহৱাগে তেওঁৰ ১০৪খন টেষ্ট মেচত ৮৫৮৬ ৰান সংগ্ৰহ কৰিছিল। য'ত তেওঁ গড় ৰান আছিল ৪৯.৩৪ । বীৰেন্দ্ৰ ছেহৱাগে ১০৪খন টেষ্ট মেচত ২৩টা শতক, ৩২টা অৰ্ধ-শতক সংগ্ৰহ কৰিছিল। ২৫১খন এদিনীয়াত ১৫টা শতকৰ সহায়ত ৮২৭৩ ৰান সংগ্ৰহ কৰিছিল। লগতে ১৯খন টি-২০ত ১৪৫ৰ ষ্ট্ৰাইক ৰেটত ৩৯৪ ৰান সংগ্ৰহ কৰিছিল। (Photo: AFP)

ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!
ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি,সদায় থাকিব সুখ শান্তি, হ'ব সমৃদ্ধি...