5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Water Crisis in Delhi: জলসংকটৰ সমস্যাত জৰ্জৰিত দিল্লীঃ চাওক কিছু দৃশ্য..

দেশৰ ৰাজধানী দিল্লীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে গৰম। তীব্ৰ গৰমৰ প্ৰকোপত গতানুগতিক জীৱন দুৰ্বিষহ হৈ পৰিছে দিল্লীবাসীৰ। শুকুৰবাৰে দিল্লীত তাপমাত্ৰা ৪৫.৮ ডিগ্ৰী চেলছিয়াছত উপনীত হোৱা দেখিবলৈ পোৱা গৈছে। ইফালে বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, যোৱা মে’ মাহত ৰাজধানী দিল্লীত মাত্ৰ দুদিনহে বৰষুণ হৈছে। যোৱা ১০ বছৰৰ ভিতৰত ৰাজধানী চহৰখনত মে’ মাহত হোৱা বৰষুণৰ পৰিমাণ এইবাৰেই আটাইতকৈ কম। আজি বতৰ বিজ্ঞান বিভাগে দিল্লীত জাৰি কৰিছে ‘Yellow Alert’। প্ৰখৰ উত্তাপৰ সমান্তৰালকৈ দিল্লীবাসীয়ে এতিয়া পানীৰ নাটনিৰো সন্মুখীন হৈছে৷

monjit-dutta
Monjit Dutta | Updated On: 01 Jun 2024 07:36 AM
দিল্লীৰ বহু অঞ্চলত মানুহে খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে। বিভিন্ন অঞ্চলত স্থানীয় লোকসকলে টেংকাৰৰ পৰা পানী সংগ্ৰহৰ বাবে দীঘলীয়া শাৰী পতা দেখিবলৈ পোৱা গৈছে।

1 / 5
ৰাজধানীৰ বহু অঞ্চলত টেংকাৰৰ বাবে অপেক্ষা কৰি থকা দেখা গৈছে স্থানীয় লোকসকলক। পানী সংগ্ৰহৰ বাবে পুৱা চাৰি বজাৰ পৰা শাৰী পাতিবলগা হৈছে বুলি তেওঁলোকে জানিবলৈ দিছে।

2 / 5
অধিক লোকৰ সমাগমৰ বাবে বহু সময়ত অধিকাংশ লোকেই পানী সংগ্ৰহ নকৰাকৈয়ে উভতিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে।

3 / 5
এফালে প্ৰখৰ তাপ আৰু আনফালে পানীৰ বাবে দীঘলীয়া শাৰী পাতি থিয় হ’বলগা পৰিস্থিতিয়ে দিশহাৰা কৰি তুলিছে দিল্লীবাসীক।

4 / 5
ৰাজধানী চহৰখনত দেখা দিয়া জলসংকটৰ পৰিপ্ৰেক্ষিতত পানীৰ সামাজিক মাধ্যমত ব্যাপক চৰ্চা গঢ়ি তোলা হৈছে। এই সংকটৰ পৰা পৰিত্ৰাণৰ বাবে চৰকাৰৰ পৰা সহায় বিচাৰিছে দিল্লীবাসীয়ে।

5 / 5
Latest Stories