পুনৰ বিপদত গুৱাহাটীবাসী! ৩ দিনলৈ বন্ধ থাকিব পানী যোগান, জানক সবিশেষ | water supply disruption in several areas of guwahati from 3 to 5 January Assam news - Assam Tv9

পুনৰ বিপদত গুৱাহাটীবাসী! ৩ দিনলৈ বন্ধ থাকিব পানী যোগান, জানক সবিশেষ

Updated On: 

02 Jan 2025 13:17 PM

কাইলৈৰ পৰা ৫ জানুৱাৰীলৈ গুৱাহাটীত বন্ধ থাকিব পানী যোগান। পাইপ মেৰামতিৰ বাবে এই সিদ্ধান্ত জলব'ৰ্ডৰ। কোন কোন অঞ্চলত বন্ধ থাকিব পানী যোগান?

1 / 5৩ দিনলৈ গুৱাহাটীত বন্ধ থাকিব পানী যোগান। খাৰঘূলিৰ জল বিস্ফোৰণৰ পিছতেই পাইপ মেৰামতিৰ বাবে এই সিদ্ধান্ত জলব'ৰ্ডৰ।

৩ দিনলৈ গুৱাহাটীত বন্ধ থাকিব পানী যোগান। খাৰঘূলিৰ জল বিস্ফোৰণৰ পিছতেই পাইপ মেৰামতিৰ বাবে এই সিদ্ধান্ত জলব'ৰ্ডৰ।

2 / 5

৩ৰ পৰা ৫ জানুৱাৰীলৈ বন্ধ থাকিব পানী যোগান। অমিয় নগৰ, লীচুবাগান আৰু ৰামচাহিল DMAৰ অধীনৰ সকলো অঞ্চলত বন্ধ থাকিব পানী যোগান।

3 / 5

অমিয় নগৰ, চানমাৰি, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, ৰূপনগৰ, বৰা চাৰ্ভিছ, বৃহত্তৰ চিৰিয়াখানা পথ, অনিল নগৰ, নবীন নগৰ, তৰুণ নগৰ, শ্ৰীনগৰ, ভাস্কৰ নগৰ, এমটি ৰোড, গীতানগৰ,অম্বিকাগিৰি নগৰ, সুন্দৰপুৰ, মানিক নগৰ, হেঙেৰাবাৰী, স্বৰাজ নগৰ, ড০ জাকিৰ হুছেইন ৰোড, ডাউন টাউন, বৰমটৰিয়া, ৰামচাহিল, লতাশিল, শিলপুখুৰী, পানবজাৰ, খাৰঘুলি ইত্যাদি অঞ্চলত বন্ধ থাকিব পানী যোগান।

4 / 5

এই সন্দৰ্ভত সামাজিক মাধ্যযোগে তথ্য প্ৰকাশ কৰিছে গুৱাহাটী জল ব’ৰ্ডে। পাইপ মেৰামতিৰ বাবে এই সিদ্ধান্ত জলব'ৰ্ডৰ।

5 / 5

উল্লেখ্য যে, পুৱা খাৰঘূলিৰ নামঘৰ চ’কত পানীৰ পাইপ ফুটাৰ পিছতে সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। বৃহত্তৰ অঞ্চলত হৈছে বিস্তৰ ক্ষতি। ৩০-৪০ ফুট পৰ্যন্ত উঠিছে পানীৰ ফোঁৱাৰা।

সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!