পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত বৃদ্ধি পাইছে জলজ পক্ষীৰ আগমন...! | Waterbird census in Pobitora Wildlife Sanctuary, increase number of Bird Assam news - Assam Tv9

পৰ্যটন ক্ষেত্ৰৰ বাবে ভাল খবৰ, পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে জলজ পক্ষীৰ আগমন…!

Published: 

18 Jan 2025 18:39 PM

শনিবাৰে প্ৰতি বছৰৰ দৰে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈ অহা জলজ পক্ষীৰ পিয়ল কৰা হয় । এই পিয়লৰ প্ৰাৰম্ভিক হিচাপত পক্ষীৰ সংখ্যা বৃদ্ধি হোৱাৰ ইংগিত পোৱা গৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে ।

1 / 5অসমৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত বৃদ্ধি পাইছে জলজ পক্ষীৰ সংখ্যা । উল্লেখ্য যে,শনিবাৰে প্ৰতি বছৰৰ দৰে অভয়াৰণ্যখনলৈ অহা জলজ পক্ষীৰ পিয়ল কৰা হয় । এই পিয়লৰ প্ৰাৰম্ভিক হিচাপত পক্ষীৰ সংখ্যা বৃদ্ধি হোৱাৰ ইংগিত পোৱা গৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে ।

অসমৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত বৃদ্ধি পাইছে জলজ পক্ষীৰ সংখ্যা । উল্লেখ্য যে,শনিবাৰে প্ৰতি বছৰৰ দৰে অভয়াৰণ্যখনলৈ অহা জলজ পক্ষীৰ পিয়ল কৰা হয় । এই পিয়লৰ প্ৰাৰম্ভিক হিচাপত পক্ষীৰ সংখ্যা বৃদ্ধি হোৱাৰ ইংগিত পোৱা গৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে ।

2 / 5

অভয়াৰণ্যখনৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাই কয় যে, বন বিভাগে এন জি অ’, বিশেষজ্ঞ আৰু স্থানীয় ৰাইজৰ সহযোগত এই সমীক্ষা চলাইছে। মনকৰিবলগীয়া যে, অভয়াৰণ্যখনৰ জলজ পক্ষীয়ে প্ৰতি বছৰে পৰ্যটকক আকৰ্ষণ কৰি আহিছে ।

3 / 5

বৰুৱাই কয় যে, 'অভয়াৰণ্যখনক ১০ টা জ'নত বিভক্ত কৰি মুঠ ১২ টা দলে চৰাইৰ সংখ্যা গণনা কৰে । শেষবাৰৰ বাবে ২০২৩-২০২৪ চনত চলোৱা সমীক্ষাত পবিতৰাত ৫৬ টা প্ৰজাতিৰ পৰা প্ৰায় ৮ হাজাৰ চৰাইৰ পোৱা গৈছিল । ইয়াৰ তুলনাত এইবাৰৰ গণনাত প্ৰায় ১০ হাজাৰ চৰাই চিনাক্ত কৰা হৈছে।'

4 / 5

'এই প্ৰাৰম্ভিক অনুমানে চৰাইৰ জনসংখ্যা বৃদ্ধিৰ ইংগিত দিয়ে আৰু কেইবাটাও নতুন প্ৰজাতি চৰাই দেখা গৈছে। সম্পূৰ্ণ তথ্য সংকলন কৰাৰ পিছত চূড়ান্ত পক্ষীৰ সংখ্যা প্ৰকাশ কৰা হ'ব।' এইদৰে জানিবলৈ দিছে বন বিষয়া গৰাকীয়ে ।

5 / 5

পক্ষী বিশেষজ্ঞ অনুৱাৰুদ্দিন চৌধুৰী আৰু বন বিভাগৰ বিষয়াকে ধৰি ২২ জন বিশেষজ্ঞৰে গঠিত ১২ টা গণনাকাৰী দলে অভয়াৰণ্যখনৰ ৯ খন ‘বিল’ (জলভাগ)ক সামৰি এই সমীক্ষা চলাইছে ।

স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া
ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?