Weather Update: পূজাৰ আনন্দ-উল্লাসত বতৰে দিব বিধি-পথালি! ২৯খন জিলালৈ ইয়েল্ল' এলাৰ্ট জাৰি | Weather Update heavy rainfall in assam during durga puja Assam news - Assam Tv9

Weather Update: পূজাৰ আনন্দ-উল্লাসত বতৰে দিব বিধি-পথালি! ২৯খন জিলালৈ ইয়েল্ল’ এলাৰ্ট জাৰি

Updated On: 

04 Oct 2024 16:35 PM

ৰাজ্যজুৰি অব্যহত আছে নেৰানেপেৰা বৰষুণ। ৭ অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। এইবাৰ ধাৰাষাৰ বৰষুণে ম্লান পেলাব পাৰে দুৰ্গা পূজাৰ আনন্দ। ৰাজ্যৰ ২৯খন জিলাত জাৰি কৰিছে ইয়েল্ল' এলাৰ্ট।

1 / 5পূজাৰ বতৰত বৰষুণে ম্লান পেলাইছে আনন্দ। পূজালৈ মাজত মাত্ৰ ৫টা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ সৰ্বত্ৰে ধাৰাসাৰ বৰষুণে সকলোৰে আশাত চেঁচাপানী ঢালিছে।

পূজাৰ বতৰত বৰষুণে ম্লান পেলাইছে আনন্দ। পূজালৈ মাজত মাত্ৰ ৫টা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ সৰ্বত্ৰে ধাৰাসাৰ বৰষুণে সকলোৰে আশাত চেঁচাপানী ঢালিছে।

2 / 5

বহুত ঠাইত শিল্পালয়সমূহত দেৱীৰ প্ৰতিমাসমূহ বৰষুণৰ বাবে শুকোৱা নাই। বৃহস্পতিবাৰৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত ঠায়ে ঠায়ে পানী জমা হৈছে।

3 / 5

ৰাজ্যৰ প্ৰায়ে সকলো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰবল বৰষুণৰ সতৰ্কতা জাৰি কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত অহা ২৪ ঘণ্টাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা সদৰী কৰিছে ।

4 / 5

অহা ৩ দিনলৈ ৰাজ্যৰ দুই এঠাইত বিজুলী-ঢেৰেকনিৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

5 / 5

উপগ্ৰহৰ পৰা পোৱা তথ্য অনুসৰি, পূজাৰ সময়ত ৰাজ্যত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। শনিবাৰৰ দিনটোত ৰাজ্যত অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ। পূজাৰ আগলৈকে বতৰ ডাৱৰীয়া হৈ থাকিব ৰাজ্যত। ষষ্ঠীৰ দিনা ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে। সপ্তমী, অষ্টমী, নৱমী আৰু দশমীলৈকে ৰাজ্যত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। অৰ্থাৎ বতৰে এইবাৰ বিধি পথালি দিব পাৰে পূজাৰ সময়ত।

দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...
দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?