স্বস্তিৰ নিশ্বাস! প্ৰচণ্ড গৰমৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী... | weather update rain in assam district yellow alert Assam news - Assam Tv9

স্বস্তিৰ নিশ্বাস! প্ৰচণ্ড গৰমৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী…

Published: 

21 Sep 2024 16:57 PM

আস্বাভাৱিক গৰমৰ বাবে অতিষ্ঠ হৈ পৰিছে ৰাজ্যবাসী। যাৰ বাবে সলনি কৰা হৈছে পাঠদানৰ সময়সৃচী। শুকুৰবাৰেও পাৰাস্তম্ভ আৰু এখোপ আগুৱাই ৩৯ ডিগ্ৰী চুইছিল। ৰাজ্যৰ ইতিহাসত ছেপ্টেম্বৰ মাহত এনে গৰম হয়তো পূৰ্বতে হোৱা নাই।বৰষুণ কামনা কৰি বিভিন্ন গাঁৱৰ ৰাইজে পাতিলে ভেকুলী বিয়া।

1 / 5উৎকট গৰমৰ মাজতেই ৰাজ্যত প্ৰচণ্ড ধুমুহা-বৰষুণ। অস্বাভাৱিক গৰমৰ মাজতে অহা বৰষুণত স্বস্তিৰ নিশ্বাস জনতাৰ ।

উৎকট গৰমৰ মাজতেই ৰাজ্যত প্ৰচণ্ড ধুমুহা-বৰষুণ। অস্বাভাৱিক গৰমৰ মাজতে অহা বৰষুণত স্বস্তিৰ নিশ্বাস জনতাৰ ।

2 / 5

কাছাৰত তাণ্ডৱ চলাইছে ধুমুহা-বৰষুণে। শিলচৰৰ বিভিন্ন ঠাইত ওভালি পৰি প্ৰকাণ্ড গছ। পাথাৰকান্দিতো মূষলধাৰ বৰষুণ।

3 / 5

ইয়াৰ উপৰিও ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে। ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত আজি বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।

4 / 5

পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত দেওবাৰে বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।

5 / 5

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক